ISHAN NEWS – Always One Step Ahead of Time…

ড্ৰাগছ সৰবৰাহৰ গোচৰত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ

0 179

ড্ৰাগছ আৰু ধন সৰবৰাহত জড়িত থকাৰ অভিযোগত কংগ্ৰেছ বিধায়ক সুখপাল সিং খাইৰাক আজি পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০১৫ চনত ফাজিলকাৰ জালালাবাদত NDPS আইনৰ অধীনত ৰুজু হৈ থকা এটা পুৰণি গোচৰৰ সংক্ৰান্তত আজি ৰাতিপুৱা পঞ্জাৱ আৰক্ষীৰ দলে খাইৰাৰ বাসগৃহত উপস্থিত হৈ অভিযান চলায়।

খাইৰাৰ বিৰুদ্ধে প্ৰাথমিক অভিযোগৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰী দল এটাক সমৰ্থন কৰা, তেওঁলোকক আশ্ৰয় প্ৰদান কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰ্থিক সুবিধা লাভ কৰা।

তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বীট অনুসৰি, বিধায়কগৰাকীয়ে লাভ কৰা ধনৰাশি সম্পত্তি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিছে।

২০১৪ আৰু ২০২০ চনৰ ভিতৰত খাইৰাই নিজৰ আৰু পৰিয়ালৰ সদস্যৰ বাবে ৬.৫ কোটিতকৈ অধিক ধন ব্যয় কৰা বুলি জানিব পৰা গৈছে, যিটো তেওঁৰ ঘোষিত উপাৰ্জনতকৈ অধিক।

পঞ্জাৱ আৰক্ষীৰ দলটোৱে কংগ্ৰেছ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত তেওঁ সমগ্ৰ দৃশ্য ফেচবুক লাইভ কৰিছিল। ভিডিঅ’টোত খাইৰাই আৰক্ষীৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হোৱা দেখা যায়।

ভিডিঅ’টোত ডিএছপি আশ্ৰু ৰাম শৰ্মা নামৰ এজন আৰক্ষী বিষয়াই খাইৰাক জনাইছে যে পুৰণি ড্ৰাগছ সৰবৰাহৰ গোচৰত এছআইটি গঠন কৰা হৈছে।

ভিডিঅ’টোত খাইৰাক আৰক্ষীৰ লোকে আটক কৰাৰ সময়ত “পঞ্জাৱ চৰকাৰ মুৰ্দাবাদ”ৰ শ্লোগান দিয়াও দেখা যায়।

Leave A Reply

Your email address will not be published.