ডিব্ৰুগড় জেইলৰ ভিতৰত প্ৰতিবাদত বহিছে খালীস্তানী নেতা অমৃতপাল সিং
খালীস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙে ডিব্ৰুগড় জেইলৰ ভিতৰত সাব্যস্ত কৰিছে প্ৰতিবাদ। অমৃতসৰৰ উপায়ুক্তই জেইলৰ ভিতৰত অমৃতপালৰ অধিবক্তা ৰাজদেৱ সিং খালছাক সাক্ষাতৰ অনুমতি নিদিয়াৰ বাবেই আজি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড় জেইলৰ অধীক্ষকক প্ৰদান কৰা পত্ৰত অমৃতপালে অভিযোগ উত্থাপন কৰে যে অমৃতসৰৰ উপায়ুক্তই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে আৰু তেওঁলোকক তেওঁলোকৰ অধিবক্তাক সাক্ষাত কৰাৰ অনুমতি প্ৰদান কৰা নাই।
তেওঁ লগতে পত্ৰত উল্লেখ কৰে যে, ৰাজদেৱ সিং খালছাই সকলো নিৰ্দেশনা মানি চলাৰ পিছতো আমাক জেইলৰ ভিতৰত সাক্ষাত কৰাৰ অনুমতি প্ৰদান কৰা নাই।
অমৃতপালৰ অধিবক্তা খালছাই অমৃতসৰৰ উপায়ুক্তলৈ তিনিখনকৈ পত্ৰ লিখিছে যদিও এইপৰ্যন্ত সাক্ষাতৰ অনুমতি প্ৰদান কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে অমৃতপালে।
খালিস্তানী নেতাগৰাকীয়ে পত্ৰখনত লগতে উল্লেখ কৰে যে, আমাৰ অধিবক্তাক লগ পোৱাটো আমাৰ মৌলিক অধিকাৰ।
উল্লেখ্য যে, খালিস্তান সমৰ্থক অমৃতপাল সিঙক চলিত বছৰৰে ২৩ এপ্ৰিলত পঞ্জাবৰ মোগা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পিছতে অমৃতপালৰ ওপৰত এন এছ এ লগাই তেওঁক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। আৰু তেতিয়াৰ পৰাই তেওঁ ডিবুৰগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে।