অৱশেষত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। ১ কোটি ৭৮ লাখ ১২৭ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে চূড়ান্ত ভোটাৰ তালিকাত।
পঞ্চায়ত পুনঃগঠনৰ পূৰ্বে প্ৰকাশ পোৱা এই চূড়ান্ত তালিকাত ৮৯ লাখ ৮৬ হাজাৰ ৯৬৩ গৰাকী পুৰুষ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে।
আনহাতে এই চূড়ান্ত তালিকাত মহিলা ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে ৮৮ লাখ ১২ হাজাৰ ৮৮৫ গৰাকী।
ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকাত ২৭৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে।