মহানগৰীৰ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্রীৰ অশ্লীল ফটো সামাজিক মাধ্যমত ।
চাইবাৰ অপৰাধীৰ টাৰ্গেটত এইবাৰ মহানগৰীৰ একাংশ শিক্ষাৰ্থী । বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীক লক্ষ্য হিচাপে লৈছে চাইবাৰ অপৰাধীয়ে ।
মহাবিদ্যালয়খনৰ ৫০ গৰাকীতকৈও অধিক ছাত্রীৰ ফটো অশ্লীল ৰূপত সম্পাদনা কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে অপৰাধীয়ে । যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা মহাবিদ্যালয়খনত এনধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ কথা উল্লেখ কৰিছে শিক্ষাৰ্থী সকলে ।
মহাবিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে সমগ্ৰ ঘটনা বশিষ্ঠ থানাৰ আৰক্ষীক অৱগত কৰোৱাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ।