ISHAN NEWS – Always One Step Ahead of Time…

যশস্বী জয়ছোৱালে ৰচিলে ইতিহাস; এনে কৃতিত্ব গঢ়া প্ৰথমজন ভাৰতীয় বেটছমেন

0 13,215

ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান ক্ৰিকেটাৰ যশস্বী জয়ছৱালে ৰচিলে ইতিহাস। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত নেপালৰ বিৰুদ্ধে জয়ছৱালে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে আন কোনো ভাৰতীয় বেটছমেনে গঢ়িবলৈ সক্ষম হোৱা নাই।

কোৱাৰ্টাৰ ফাইনেল মেচখনত যশস্বী জয়ছৱালে ৪৮টা বলত প্ৰথমটো টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰি ইতিহাস ৰচিছে।

এছিয়ান গেমছত ভাৰতৰ হৈ শতক অৰ্জন কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপেও পৰগণিত হ’ল জয়ছৱাল। নেপালৰ বিৰুদ্ধে খেলা মেচখনত জয়ছৱালে ৭টা ছয় আৰু ৮টা চাৰিৰে নিজৰ ইনিংছটো সজায়।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল। জয়ছোৱালে শুভমন গিলৰ নামত থকা এই অভিলেখ ভংগ কৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰাৰ সময়ত গিলৰ বয়স আছিল ২৩ বছৰ ১৪৬ দিন।

ইফালে জয়ছোৱালে ২১ বছৰ ২৭৯ দিনত টি-২০ত শতক অৰ্জন কৰি এই অভিলেখ গঢ়ে।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন

২১ বছৰ ২৭৯ দিন – যশস্বী জয়ছোৱাল বনাম নেপাল, ২০২৩ চন

২৩ বছৰ ১৪৬ দিন – শ্বুবমেন গিল বনাম নিউজিলেণ্ড, ২০২৩ চন

২৩ বছৰ ১৫৬ দিন – সুৰেশ ৰাইনা বনাম দক্ষিণ আফ্ৰিকা, ২০১০ চন

Leave A Reply

Your email address will not be published.