ISHAN NEWS – Always One Step Ahead of Time…

বিজেপিৰ অমৃত কালত এয়া কি? ঔষধ, চিকিৎসাৰ অভাৱত ২৪ ঘণ্টাত ২৪ জনৰ মৃত্যু

0 365

দেশত এতিয়া অমৃত কাল চলা বুলি সততে দাবী কৰা বিজেপিৰ শাসনকালত ভয়ংকৰ ঘটনা। চৰকাৰী চিকিত্সালয়ত ২৪ ঘণ্টাৰ ভিতৰত মৃত্যুক সাৱটিলে ২৪ জন ৰোগীয়ে। মৃতসকলৰ ভিতৰত আছে ১২ টি শিশুও। ঔষধ আৰু চিকিত্সাৰ অভাৱত মৃত্যুক সাৱটিলে লোককেইজনে। মহাৰাষ্ট্ৰৰ নাণ্ডেড় জিলাৰ শংকৰৰাও চৱন চৰকাৰী হাস্পতালত সংঘটিত এই ঘটনাই উদঙালে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। চিকিৎসালয়ৰ অধীক্ষক এছ.আৰ. ৱাকোডে কয় মৃতসকলৰ অধিকাংশকেই সংকটজনক অৱস্থাত অনা হৈছিল। তেওঁ কয় যে নিৰ্ধাৰিত কোম্পানীৰ পৰা কিছু কাৰণবশতঃ ঔষধ ক্ৰয় কৰা হোৱা নাছিল।

এনচিপিৰ মুখপাত্ৰ বিকাশ লাভাণ্ডে কয় যে চিকিৎসালয়খনত যোৱা ২৪ ঘণ্টাত ১২ টা নৱজাতকসহ ২৪ জন লোকৰ মৃত্যু ৰাজ্য চৰকাৰৰ পৰা ঔষধৰ যোগানৰ অভাৱৰ বাবে হৈছিল। উৎসৱ আৰু অনুষ্ঠানৰ বিজ্ঞাপন দিয়া চৰকাৰে এই ঘটনাৰ বাবে লাজ পোৱা উচিত।

আনহাতে, শিৱসেনাৰ (ইউবিটি) সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমালোচনা কৰিছে। “অনুগ্ৰহ কৰি এয়া মৃত্যু বুলি নক’ব, ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ অৱহেলাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে। বিদেশ ভ্ৰমণৰ পৰিকল্পনাত ৰাজ্য চৰকাৰ ব্যস্ত থকাৰ অভিযোগ তুলি তেওঁ লগতে কয় যে চৰকাৰে পাহৰি গৈছে তেওঁলোকৰ মুখ্য কাম ৰাইজৰ সেৱা কৰা।

Leave A Reply

Your email address will not be published.