ISHAN NEWS – Always One Step Ahead of Time…

ED ক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ । প্রতিশোধ পৰায়ণ হ’ব নোৱাৰিব ইডি ।

0 223

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ED ক প্রতিশোধ ন’লবলৈ সকীয়ণি দিয়ে । ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ED ক নিজৰ কাম-কাজৰ স্বচ্ছতা ৰক্ষা কৰাৰ লগতে আইন কঠোৰ ভাবে পালন কৰিবলৈও সকীয়াই দিয়ে ।
ধন আত্মসাৎৰ অভিযোগত এম থ্ৰী এম ৰিয়েলইষ্টেত গ্ৰুপৰ দুগৰাকী সঞ্চালকক গ্ৰেপ্তাৰৰ গোচৰৰ মঙলবাৰে শুনানিত কঠোৰ ভাষাৰে ইডিক সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে জানিবলৈ দিয়া মতে, ইডিয়ে ১৪ জুনত বিত্তীয় জালিয়াতিৰ গোচৰত সোধা-পোছাৰ বাবে ৰিয়েল ইষ্টেট প্রতিষ্ঠাটোৰ দুগৰাকী সঞ্চালকলৈ চমন কৰিছিল। সেই একেটা দিনতে ইডিয়ে দাখিল কৰা আন এটা গোচৰত প্রতিষ্ঠানটোৰ দুই সঞ্চালকক গ্ৰেপ্তাৰ কৰে ।
গ্ৰেপ্তাৰৰ পাছতে প্ৰতিষ্ঠানটোৰ দুয়োগৰাকী সঞ্চালকে বিত্তীয় জালিয়াতি প্ৰতিৰোধ আইনৰ ১৯ নং ধাৰাত তেওঁলোকৰ গ্ৰেপ্তাৰক অবৈধ বুলি প্ৰত্যাহ্বান জনায় আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সন্মতি দিয়া হাৰিয়ানা আৰু পঞ্জাৱ উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈও প্ৰশ্ন উত্থাপন কৰে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ শুনানিত M3M Real Estate Groupৰ দুজন সঞ্চালকক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।
এই সন্দৰ্ভত বিচাৰপীঠে কয় যে , ‘ইডি বিষয়াসকলে সঞ্চালক দুগৰাকীক গ্ৰেপ্তাৰৰ কাৰণ মৌখিকভাৱে বৰ্ণনা কৰিছিল । কোনো লিখিত প্ৰতিলিপি দিয়া নাছিল। এই ঘটনাই ইডি দ্বাৰা সংঘটিত ভয়ংকৰ ঘটনা পোহৰলৈ আনে । ইডিৰ দৰে তদন্তকাৰী সংস্থাৰ দায়িত্ব দেশৰ আৰ্থিক সুৰক্ষা ৰক্ষা কৰা।”

এক উচ্চ ক্ষমতা সম্পন্ন আৰু দায়িত্বশীল বিভাগৰ পৰা কি আশা কৰা যায় সেই বিষয়ে বৰ্ণনা কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, ‘ইডি স্বচ্ছ হোৱাৰ লগতে, ইডি ন্যায়পৰায়ণ হব লাগিব । ইডিয়ে কেতিয়াও প্ৰতিশোধমূলক হ’ব নোৱাৰে।”

ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিছুমান নিয়ম মানি চলিবলৈও নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। বিচাৰপীঠে কয় যে , ‘গ্ৰেপ্তাৰৰ সময়ত গ্ৰেপ্তাৰৰ কাৰণ বুজাই এখন লিখিত কপি দিব লাগিব অভিযুক্তক। সংবিধানৰ ২২(১) অনুচ্ছেদৰ অধীনত এয়া হৈছে নাগৰিকৰ অধিকাৰ। এই লিখিত প্ৰতিলিপিৰ ভিত্তিত অভিযুক্তই আইনী ব্যৱস্থা ল’ব পাৰিব ।

Leave A Reply

Your email address will not be published.