ISHAN NEWS – Always One Step Ahead of Time…

ভয়ংকৰ; পত্নী আৰু দুই কন্যাক গুলীয়াই হত্যা, পাছত নিজেও কৰিলে আত্মহত্যা

0 8,826

অন্ধ্ৰ প্ৰদেশৰ কডপ্পাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ৪ অক্টোবৰ অৰ্থাত বুধবাৰে নিশা আৰক্ষীৰ হেড কনিষ্টবল এজনে নিজৰ পত্নী আৰু দুগৰাকী কন্যাক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছত তেওঁ নিজেও মূৰত গুলীয়াই আত্মহত্যা কৰে।

হেড কনিষ্টবলজন ৫৫ বছৰীয়া ভেংকটেশ্বৰলু বুলি চিনাক্ত কৰা হৈছে। কডপ্পা-২ টাউন থানাত কৰ্মৰত আছিল কনিষ্টবলজন।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, শ্বেয়াৰ ট্ৰেডিঙত হোৱা বৃহৎ লোকচানৰ বাবে তেওঁ মানসিক চাপত আছিল। ইয়াৰ উপৰি পাৰিবাৰিক সমস্যাও আছিল। আৰু এইবোৰ কাৰণতেই তেওঁ প্ৰথমে পত্নী আৰু দুগৰাকী কন্যাক হত্যা কৰি নিজেও আত্মহত্যা কৰাৰ সন্দেহ হৈছে।

গোচৰটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এখন চুইচাইড নোট।

কডপ্পা মহকুমা আৰক্ষী বিষয়া মহম্মদ শ্বৰীফে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ভেংকটেশ্বৰলুৱে বুধবাৰে নিশা ১১ বজালৈকে কাম কৰিছিল আৰু তাৰ পিছত থানাৰ পৰা পিষ্টল আৰু কিছু গুলী লগত লৈ ঘৰলৈ ৰাওনা হৈছিল।

ইয়াৰ কিছু সময় পিছতে তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাক গুলীয়াই হত্যা কৰাৰ লগতে নিজেই আত্মহত্যা কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে।

ঘটনাস্থলত উপস্থিত হৈ আৰক্ষীয়ে চাৰিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

চাঞ্চল্যকৰ ঘটনাটোৰ পিছত হেড কনিষ্টবলৰ মোবাইল ফোনটো জব্দ কৰি আৰক্ষীয়ে এই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.