ISHAN NEWS – Always One Step Ahead of Time…

অসমৰ কোন কোন জিলাত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা । বতৰ বিজ্ঞান কেন্দ্ৰই কি কয় ?

0 13,179

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্রবল বৃষ্টিপাতৰ সম্ভভাৱনা থকা অসমৰ দুখন জিলাত ৰেড এলাৰ্ট , ৩ খন জিলাত অৰেঞ্জ এলাৰ্ট , ১৯ খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে ।

গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবখনো জিলাত যোৱা ৪ দিন ধৰি হোৱা ধাৰাশাৰ বৰষুণে সমস্যাৰ সৃষ্টি কৰিছে গুৱাহাটীকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত। ভাৰতীয় বতৰ বিজ্ঞানৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাছাৰ জিলাত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। বৰপেটা, চিৰাং আৰু কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

ইফালে বঙাইগাওঁ, গোৱালপাৰা, বাক্সা, নলবাৰী, কাপৰূপ (গ্ৰাম্য), কামৰূপ(নগৰ), দৰং, পশ্চিম কাৰ্বি আংলং, নগাওঁ, কাৰ্ব আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ত জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত ৯৮ শতাংশ, শিলচৰত ৯৪ শতাংশ, গোৱালপাৰাত ৯৭ শতাংশ, গোলাঘাটত ৮১ শমতাংশ, যোৰহাটত ৮৮ শতাংশ আৰু উত্তৰ লখিমপুৰত ৯৬ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.