ISHAN NEWS – Always One Step Ahead of Time…

ইছৰোৱে মুকলি কৰা উপগ্ৰহৰ ছবিত ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ সবিশেষ ।

0 4,362

মঙলবাৰে নিশা প্ৰায় ডেৰ বজাত উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত তীস্তা নদীত হঠাৎ বানে ভয়াবহ ৰূপ ধাৰণ কৰে। শেহতীয়া তথ্য মতে, ১৪ জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে সেনা জোৱান সহ ১০২ জন এতিয়াও সন্ধানহীন হৈ আছে। ডাৱৰ বিস্ফোৰণৰ ফলত তীস্তা নদীত হঠাৎ হোৱা বানত ছিকিমৰ লোনাক হ্ৰদৰ প্ৰায় ৬৫ শতাংশ তিস্তা নদীৰ প্রবল সোঁতে উটুৱাই লৈ যায়।

শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা কেইখনমান ছবিত ডাৱৰ বিস্ফোৰণৰ আগৰ আৰু পাছৰ পৰিস্থিতিৰ দেখুৱাইছে । ফটো কেইখনত লোনাক হ্ৰদৰ আয়তন প্ৰথমে ১৬২.৭ হেক্টৰ আৰু পিছলৈ ১৬৭.৪ হেক্টৰলৈ বহল হৈ যোৱা দেখা গৈছে।

উপগ্ৰহৰ পৰা লোৱা ছবি কেইখন প্ৰকাশ কৰি ইছৰোৱে কয় যে, “১৭ ছেপ্টেম্বৰ, ২৮ ছেপ্টেম্বৰ আৰু ৪ অক্টোবৰত সেই অঞ্চলৰ সাময়িক পৰিৱৰ্তন দেখা গৈছে।প্ৰায় ১০৫ হেক্টৰ মাটি পানীয়ে উটুৱাই লৈ গৈছে , যাৰ ফলত নামনিত সৃষ্টি হৈছে বান ।” ইছৰোৱে উপগ্ৰহৰ পৰা লাভ কৰা এনেধৰণৰ তথ্যৰ জৰিয়তে সমগ্ৰ অঞ্চলটো নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে ।”

উল্লেখযোগ্য যে শেহতীয়া বানত যাহ যায় তিস্তা নদীৰ গাতে লাগি থকা এটা সেনা শিবিৰ । সেনা শিবিৰত থকা ৪১খন বাহনো উটুৱাই লৈ যায় বানে ।ডাৱৰ বিস্ফোৰণৰ পাছত অঞ্চলটোৰ ৪ হাজাৰ লোকক নিৰাপদে ৫টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰিছে । ১০ নং ৰাষ্ট্ৰীয় ঘাইপথো উটুৱাই লৈ গৈছে তিস্তা নৈৰ প্রবল সোঁতে ।

এন ডি আৰ এফে ছিকিমৰ চিংটামৰ পৰা ইতিমধ্যে ৭ জন লোকক উদ্ধাৰ কৰিছে । এন ডি আৰ এফৰ এটা দল গেংটকত আৰু আন দুটা দল পশ্চিম বংগৰ ছিকিম সংলগ্ন অঞ্চলত নিয়োজিত হৈ আছে।
বংগৰ কালিম্পঙতো বাঢ়িছে নৈৰ পানী ।

আনহাতে, জটিল পৰিস্থিতি উদ্ভৱ হোৱা ছিকিমৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে কথা পাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Leave A Reply

Your email address will not be published.