ISHAN NEWS – Always One Step Ahead of Time…

কলেজৰ অদ্ভুট নিৰ্দেশনা; এতিয়াৰ পৰা একেলগে বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী

0 1,467

এতিয়াৰ পৰা একলগে বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী। বিহাৰৰ এখন কলেজে প্ৰকাশ কৰিছে এই অদ্ভুত নিৰ্দেশনা। ঘটনাটো ছিৱান জিলাৰ। জেড এ ইছলামিয়া পি জি কলেজৰ অধ্যক্ষই এক নিৰ্দেশ জাৰি কৰি কয় যে যদি ছাত্ৰ-ছাত্ৰীক একেলগে বহি বা হাঁহি-ধেমালি কৰি থকা দেখা যায় তেন্তে তেওঁলোকৰ নামভৰ্তি বাতিল কৰা হ’ব।

এই অদ্ভুট নিৰ্দেশনাৰ পত্ৰখন যোৱা মঙলবাৰ অৰ্থাত ০৩ অক্টোবৰত জাৰি কৰা হৈছে। এই নিৰ্দেশনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চৰ্চা চলিছে।

ছিৱানৰ জেড এ ইছলামিয়া কলেজৰ অধ্যক্ষ ইদ্ৰিছ আলমে প্ৰকাশ কৰা পত্ৰখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চিঠিখনত উল্লেখ আছে, ‘অৱগত কৰা হৈছে যে মহাবিদ্যালয়ৰ চৌহদত যদি ছাত্ৰ-ছাত্ৰীক একেলগে (একেলগে বহি/ধেমালি কৰি থকা) দেখা যায় তেন্তে তেওঁলোকৰ নামভৰ্তি বাতিল কৰা হ’ব।‘

২৯ আৰু ৩০ ধাৰাৰ অধীনত স্থাপিত হোৱা এইখন সংখ্যালঘু মহাবিদ্যালয়। ইয়াৰ সমগ্ৰ পৰিচালনাৰ কৰ্তৃত্ব শাসকীয় সংস্থাৰ ওপৰত ন্যস্ত কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে পত্ৰখনত। উল্লেখ্য যে, কিছুদিন পূৰ্বে দুই কলেজীয়া ছাত্ৰীৰ মাজত হৈছিল এখন কাজিয়া। শ্ৰেণীকোঠা আৰু ৰাজপথত হোৱা কাজিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। এই ঘটনাটোৰ বাবেই মহাবিদ্যালয় কৰ্তৃপক্ষই এনেধৰণৰ অদ্ভুট নিৰ্দেশনা জাৰি কৰে।

Leave A Reply

Your email address will not be published.