দুটা পৃথক পথ দুৰ্ঘটনাত নৱম শ্ৰেণীৰ ছাত্ৰীসহ ৩জনৰ মৃত্যু
বৰপেটাৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। এখন অল্টো কে টেন বাহনক তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়াত দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন ৩জন গুৰুতৰভাৱে আহত হয়।
গুৱাহাটীৰ পৰা সৰভোগ অভিমুখে আহি থকা অৱস্থাত শিমলাগুৰী আৰক্ষী পহৰা চকীৰ সন্মুখত অল্টো বাহনখনক খুন্দিয়াই ডাম্পাৰখনে। বৰপেটাৰোডৰ পৰা হাউলী অভিমুখে আহি আছিল ডাম্পাৰখন।
নিহত যুৱক দুজন সৰভোগৰ ৰিতুমণি ৰয় আৰু নিৰ্মল দাস বুলি জানিব পৰা গৈছে। আনহাতে আহত লোক কেইজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে, দুদিন পূৰ্বে নিৰ্মল দাস নামৰ যুৱকজনে অল্টো বাহনখন ক্ৰয় কৰিছিল আৰু কালি বন্ধুৰ সৈতে ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি লয়।
ইফালে টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ পাৰ হ’ব লওতেই শিৱসাগৰ অভিমুখে আহি থকা এখন ট্ৰাকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ থিতাতে মৃত্যু ঘটে।
টীয়ক ৰজাবাৰী হাইস্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ নাম ফাৰ্হিজা বেগম।