ISHAN NEWS – Always One Step Ahead of Time…

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত নাৰ্গিছ মহম্মদী কোন ?

0 4,687

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ইৰাণৰ সংগ্ৰামী মহিলা সমাজকৰ্মী নাৰ্গিছ মহম্মদীক । ১৯৭২ চনৰ ২১ এপ্ৰিলত জন্মগ্ৰহণ কৰা নাৰ্গিছ মহম্মদীয়ে ইৰাণৰ মহিলা সকলৰ ওপৰত চলা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল ।

নোবেল বঁটা কমিটিয়ে নাৰ্গিছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা ঘোষণা কৰি কয় যে, ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা কাৰাগাৰত বন্দী ইৰানী সমাজ কৰ্মী নাৰ্গিছ মহম্মদীলৈ আগবঢ়োৱা হৈছে। ইৰাণত মহিলা সকলৰ ওপৰত চলি অহা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে নাৰ্গিছ মহম্মদীক এই সন্মান প্ৰদান কৰা হয়। নাৰ্গিছ মহম্মদীয়ে সকলোৰে মানৱ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ কথাও উল্লেখ কৰে নৰৱেৰ নোবেল সমিটিয়ে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নোবেল বঁটা প্রদান সমিতিয়ে এটা পোষ্টত উল্লেখ কৰে, নাৰ্গিছ মহম্মদীয়ে সাহসী সংগ্ৰামৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিব লগা হৈছিল। ইৰানী শাসকে নাৰ্গিছ মহম্মদীক ১৩ বাৰ গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ বাৰ দোষী সাব্যস্ত কৰে । মুঠ ৩১ বছৰ কাৰাবাসত আৰু ১৫৪ বাৰ চাবুকৰ কোব খোৱা মহম্মদী বৰ্তমানেও কাৰাগাৰতে আছে।

পদাৰ্থ বিজ্ঞানৰ ছাত্ৰী মহম্মদীয়ে পঢ়াশুনা শেষ কৰাৰ অন্তত এগৰাকীঅভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন বাতৰি কাকতত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধও লিখিছিল। ২০০৩ চনত তেহৰাণৰ ‘ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটচ চেণ্টাৰ’ত যোগদান কৰে নাৰ্গিছ মহম্মদীয়ে । এই সংগঠনটো আৰম্ভ কৰিছিল নোবেল বঁটা বিজয়ী শিৰিন এবাদীয়ে।

সমতা আৰু মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া নাৰ্গিছ মহম্মদীক ২০১১ চনত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰে। কাৰাগাৰত থকা কয়দী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ অভিযোগ আহিছিল মহম্মদীৰ বিৰুদ্ধে । এই ঘটনাৰ বাবে কাৰাবাস খাটিছিল নাৰ্গিছ মহম্মদীয়ে ।

অৱশ্যে মহম্মদীক দুবছৰৰ পাছত জামিনত মুক্তি দিয়া হয়। ইয়াৰ পাছতো, সমতাৰ বাবে যুঁজ অব্যাহত ৰাখিছিল নাৰ্গিছে । মৃত্যুদণ্ডৰ বিৰুদ্ধে আৰম্ভ কৰা এটা অভিযানত যোগদান কৰাৰ বাবে, পুনৰ ২০১৫ গ্ৰেপ্তাৰ কৰাৰ শাস্তিৰ পৰিমাণ বৃদ্ধি কৰে। তেতিয়াৰ পৰা কাৰাগাৰত আছে নাৰ্গিছ মহম্মদী। 

নাৰ্গিছ মহম্মদীয়ে ৰাজনৈতিক বন্দীসকলৰ ওপৰত চলি অহা অত্যাচাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিছিল। বিশেষকৈ মহিলা বন্দীসকলৰ ওপৰত চলা নিৰ্যাতন আৰু যৌন হিংসাৰ বিৰোধিতা কৰিছিল। নাৰী- জীৱন-স্বাধীনতাৰ হকে অহৰহ যুঁজ দি অহা এই গৰাকী সংগ্ৰামী মহিলাক নোবেল বঁটা সমিতিয়ে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা নিৰ্বাচিত কৰি সূচনা কৰিলে আন এক ইতিহাস ।

Leave A Reply

Your email address will not be published.