বাণিজ্যিক ৰাজধানীৰূপে খ্যাত মুম্বাইত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গোৰেগাঁৱৰ জয় সন্দেশ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জন আহত হৈছে।
নিহতসকলৰ ভিতৰত আছে এজন পুৰুষ আৰু ৫ গৰাকী মহিলা। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, যোৱা নিশা প্ৰায় ৩ বজাত অট্টালিকাটোত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
উল্লেখ্য যে, আহত ৩৬ জন লোকক এইচ বি টি হাস্পতাললৈ অনা হয় আৰু ইয়াৰে ৬ জনৰ মৃত্যু হয়। আনহাতে ৪ জনৰ অৱস্থা সংকটজনক আৰু ২৬ জনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছ।
ইফালে কুপাৰ হাস্পতালত ভৰ্তি কৰোৱা ১৫ জন লোকৰ এজনৰ মৃত্যু ঘটে। এজনৰ অৱস্থা সংকটজনক আৰু ৯ জন লোক বিপদমুক্ত।
এই অগ্নিকাণ্ডত মুঠ ৭ জন লোকৰ মৃত্যু হৈছে। ৫ জনৰ অৱস্থা সংকটজনক। চিকিৎসালয়ত এতিয়াও মুঠ ৩৫ জন লোক ভৰ্তি চিকিৎসাধীন হৈ আছে।
অগ্নিকাণ্ডৰ ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, জুই নিৰ্বাপন কৰিবলৈ প্ৰায় চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। এজন বিষয়াই জনোৱা মতে, এই অভিযানত আঠৰ পৰা দহখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ব্যৱহাৰ কৰা হৈছিল।
উল্লেখ্য যে, কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া জানিব পৰা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জনায়।