ISHAN NEWS – Always One Step Ahead of Time…

বেটিং নকৰাকৈয়ে ভাৰতে এছিয়ান গেমছত লাভ কৰিলে স্বৰ্ণ পদক

0 549

চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছত ভাৰতীয় পুৰুষ দলটোৱে ক্ৰিকেটত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বৰষুণৰ বাবে ফাইনেল মেচখন সম্পূৰ্ণ নহ’ল যদিও চেম্পিয়ন হয় ভাৰত।

প্ৰতিযোগিতাখনত ৰূপৰ পদকে সন্তুষ্ট থীকিবলগীয়া হয় আফগানিস্তান।

হাংঝোৰ পিংফেং কেম্পাছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত এই মেচখনত ভাৰতীয় অধিনায়ক ৰুতুৰাজ গাইকৱাডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

আফগানিস্তানৰ আৰম্ভণি অত্যন্ত শোচনীয় আছিল। দলটোৱে ১২ ৰানতে হেৰুৱাইছিল ৩টা উইকেট। কিন্তু বৰষুণে বিধি পথালি দিয়াত মেচখন ১৮.২ অভাৰৰ অন্তত বন্ধ হৈ পৰে। সেই সময়ত আফগানিস্তানে ৫টা উইকেট হেৰুৱাই ১১২ ৰান সংগ্ৰহ কৰিছিল।

কিন্তু পিছত বৰষুণ দি থকাৰ বাবে খেলখন বাতিল কৰা হয়। বৰষুণৰ বাবে ভাৰতীয় দলটোৱে চূড়ান্ত খেলখনত বেটিং কৰাৰ সুযোগ নাপালে যদিও শীৰ্ষ ৰেংকিঙৰ বাবে ভাৰতে সোণৰ পদক লাভ কৰে।

এছিয়ান গেমছত ভাৰতে কোৱাৰ্টাৰ ফাইনেলত নেপাল আৰু ছেমিফাইনেলত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

ইফালে বাংলাদেশে ডি এল এছ পদ্ধতিত পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

Leave A Reply

Your email address will not be published.