ISHAN NEWS – Always One Step Ahead of Time…

দুঃখবৰ; ছিকিমত নিখোজ হৈ থকা অসমৰ সেনা জোৱান মিতুল কলিতাৰ মৃত্যু

0 9,790

অৱশেষত আহিলসেই দুঃখবৰটো। যোৱা ৪ অক্টোবৰত ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানপানীত নিৰুদ্দেশ হৈ থকা অসমৰ ভাৰতীয় সেনা জোৱান মিতুল কলিতা মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

৮ অক্টোবৰ অৰ্থাত দেওবাৰে পুৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা নিশ্চিত কৰে।

‘ছিকিমৰ প্ৰলয়ংকৰী বানত নিখোঁজ হোৱা ভাৰতীয় সেনাৰ জোৱান মিতুল কলিতাৰ মৃত্যুৰ খবৰে ব্যথিত কৰিলে’, ফেইচবুক প’ষ্টযোগে এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে জোৱানজনৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

জানিব পৰা অনুসৰি, বাক্সা জিলা নিবাসী সেনা জোৱান মিতুল কলিতাৰ মৃতদেহ আজি ৰাতিপুৱা উদ্ধাৰ হয়।

উল্লেখ্য যে, ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰলয়ংকাৰী বানত নিখোজ হোৱা ২৩ গৰাকী ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছিল মিতুল কলিতা।

ইফালে প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত ছিকিমৰ পৰা ১৪২ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে।

আজিয়েই ছিকিমৰ পৰা অসমৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.