প্ৰৱল ভূমিকম্পত তচনচ এটা অঞ্চল; ২০০০ৰো অধিক লোকৰ মৃত্যু
আফগানিস্তানৰ হেৰাট প্ৰদেশত শনিবাৰে হোৱা ভূমিকম্পৰ ফলত কমেও ২০০০ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। তালিবান চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে এই সংখ্যা।
দেশৰ তথ্য আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল ৱাহিদ ৰায়নে কয় যে হেৰাটত হোৱা ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰথমে প্ৰকাশ পোৱাতকৈ অধিক।
সহায়ৰ বাবে আবেদন জনাই তেওঁ কয় যে ভূমিকম্পৰ ফলত প্ৰায় ছখন গাঁও ধ্বংস হৈছে আৰু শ-শ সাধাৰণ নাগৰিক মাটিত পোত খাইছে।
ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা এটা আপডেটত কোৱা হৈছে যে ৪৬৫টা ঘৰ ধ্বংস হোৱাৰ লগতে ১৩৫টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে।
ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ে জনোৱা মতে, হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিয়নো ভূমিকম্পৰ ফলত ভাঙি পৰা অট্টালিকা বা ঘৰৰ তলত এতিয়াও বহু লোক আৱদ্ধ হৈ আছে।
মন কৰিবলগীয়া যে শনিবাৰে হেৰাট প্ৰদেশত ৬.৩ ৰিখটাৰ স্কেলৰ এটা ভূমিকম্প সংঘটিত হয়। ইয়াৰ পিছত আহে আৰু আঠটা শক্তিশালী আফটাৰশ্বক।
তালিবান চৰকাৰৰ বিত্ত বিভাগৰ উপ-প্ৰধানমন্ত্ৰী আব্দুল গানী বৰাদৰে আহত আৰু মৃত্যু হোৱা লোকসকলক লৈ শোক প্ৰকাশ কৰিছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত হেৰাটত স্থানীয় সংগঠনসমূহক উপস্থিত হৈ সহায় আগবঢ়াবলৈ আহ্বান জনাইছে তালিবানে।
ইফালে, বিভিন্ন সংস্থা তথা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।