নতুন শিক্ষানীতিৰ আধাৰত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ৰ মেট্ৰিক পৰীক্ষা । মেট্ৰিকৰ সম্পূৰ্ণ সময়সূচী ISHAN NEWS…
ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিক পৰীক্ষা ৪ মাৰ্চলৈকে চলিব।
নতুন শিক্ষানীতিৰ আধাৰত এইবাৰ অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা । ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হবলগীয়া HSLC পৰীক্ষাৰ সময় সূচীখন হৈছে
১৬ ফেব্ৰুৱাৰী, শুকুৰবাৰে, পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ইংৰাজী
১৭ ফেব্ৰুৱাৰী, শনিবাৰে পুৱা ৯ বজাত ঐচ্চিক বিষয় পুৱা (সংগীত, নৃত্য, কাৰ্ফ্ট, বাংলা) আৰু বিয়লি ১ঃ৩০ বজাৰ পৰা ৪ঃ৩০ বজখলৈ ( ঐচ্চিক বিষয়) চান্থালি আৰু মণিপুৰি
২০ ফেব্ৰুৱাৰী, মঙলবাৰ পুৱা ৯ বজাতঃ সমাজ বিজ্ঞান
২১ ফেব্ৰুৱাৰী, বুধবাৰ , পুৱা ৯ বজাতঃ ৰিটেল ট্ৰেড এনচিকিউএফ(ই), IT/Ites nsqf(e), প্ৰাইভেট চিকিউৰিটি এনএছকিউএফ, হেল্থ কেয়াৰ এনএছকিউএফ, এগ্ৰিকালছাৰ এণ্ড হোৰ্টিকালছাৰ এনএছকিউএফ, টুৰিচিম এণ্ড হোস্পিটালিটি এনএছকিউএফ, বিউটি এণ্ড ৱেলনেছ, অটোমোটিভ এনএছকিউএফ, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ এনএছকিউএফ, এগ্ৰি কালছাৰ ডায়েৰি ৱাৰ্ক এনএছকিউএফ, এনিমেল হেলথ কেয়াৰ এনএছকিউএফ।
২১ ফেব্ৰুৱাৰী, বুধবাৰ , বিয়লি ১:৩০ বজাত ঐচ্চিক অসমীয়া
২৩ ফেব্ৰুৱাৰী, শুকুৰবাৰ পুৱা ৯ বজাতঃ আধুনিক ভাৰতীয় ভাষা (MIL) / ইংৰাজী(আইএল)
২৬ ফেব্ৰুৱাৰী, সোমবাৰ পুৱা ৯ বজাতঃ সাধাৰণ বিজ্ঞান
২৭ ফেব্ৰুৱাৰী, মঙলবাৰ, ৯বজাতঃ উইভিং এণ্ড টেক্সট টাইল ডিজাইন (ঐচ্চিক), বড়ো (ঐচ্চিক)
২৯ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ , পুৱা ৯ বজাতঃ সাধাৰণ গণিত
২ মাৰ্চ, শনিবাৰ, পুৱা ৯ বজাত হিন্দী(ঐচ্চিক), গাৰমেন্ট ডিজাইন(ঐচ্চিক)
৪ মাৰ্চ, সোমবাৰ, পুৱা ৯ বজাতঃ উচ্চগণিত(ঐচ্চিক), ভুগোল(ঐচ্চিক), বুৰঞ্জী(ঐচ্চিক), সংস্কৃত(ঐচ্চিক), কম্পিউটাৰ চাইন্স(ঐচ্চিক), বাণিজ্য(ঐচ্চিক). হোম চাইন্স(ঐচ্চিক), আৰবিক(ঐচ্চিক), পাৰ্চিয়ান(ঐচ্চিক), নেপালী (ঐচ্চিক)
৪ মাৰ্চ, সোমবাৰ, বিয়লি ১ঃ৩০ বজাতঃ ফাইন আৰ্ট (ঐচ্চিক)
আনহাতে ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ২ আৰু ৩ ফেব্ৰুৱাৰীত।
নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা । এইবাৰৰ পৰা সলনি হব Board Examৰ পদ্ধতি। পূৰ্বৰ দৰে বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰৰ পৰীক্ষা নহ’ব। এইবাৰৰ পৰা Objective আৰু Descriptive দুই ভাগত বিভক্ত হ’ব শিক্ষান্ত পৰীক্ষাসমূহ। ইয়াৰোপৰি পৰীক্ষাৰ নম্বৰ দিয়া পদ্ধতিও পূৰ্বতকৈ পৃথক হ’ব।