পেলেষ্টাইনৰ সমৰ্থনত সমদল; আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ৪ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পেলেষ্টাইনৰ সমৰ্থনত উলিওৱা সমদলৰ সৈতে জড়িত চাৰিজন ছাত্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া শেখৰ পাঠকে এক বিবৃতিত কয় যে আৰক্ষীয়ে এই বিষয়ত কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এফ আই আৰত মাত্ৰ চাৰিজনৰ নামহে উল্লেখ আছে।
জানিব পৰা অনুসৰি, দেওবাৰে নিশা বিশ্ববিদ্যালয় চৌহদত পেলেষ্টাইনৰ সমৰ্থনত আয়োজন কৰা হৈছিল এই সমদল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৯ অক্টোবৰ অৰ্থাত সোমবাৰে চিভিল লাইনছ থানাত এফআইআৰ দাখিল কৰা হৈছিল।
এই শোভাযাত্ৰাৰ বাবে দেওবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ডাক পইণ্টত সমবেত হৈছিল প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰী। তাৰ পৰাই শোভাযাত্ৰা আৰম্ভ হৈছিল আৰু ইয়াত পেলেষ্টাইনৰ সমৰ্থনত শ্লোগান দিয়াৰো অভিযোগ উত্থাপন হৈছে।
আলিগড় মুছলিম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমদলৰ বিষয়টো স্বীকাৰ কৰি কৰ্তৃপক্ষৰ অনুমতি অবিহনে ছাত্ৰ-ছাত্ৰীসকলে এই সমদল উলিওৱা বুলি উল্লেখ কৰে।
আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ পদযাত্ৰাৰ বাবে কোনো পূৰ্বৰ অনুমতি লোৱা নাছিল। এফ আই আৰত উল্লেখ আছে যে ছাত্ৰ-ছাত্ৰীসকলে এটা ‘সন্ত্রাসবাদী গোট’ৰ ‘সমর্থন’ত এই সমদল উলিয়াইছিল৷
এফ আই আৰত নাম উল্লেখ থকা চাৰিজন ছাত্ৰ হৈছে আতিফ, খালিদ, কামৰাণ আৰু নাৱেদ চৌধুৰী। হৈছে এফ আই আৰত নাম উল্লেখ কৰা চাৰিজন ছাত্ৰ।’
ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে।