ISHAN NEWS – Always One Step Ahead of Time…

ৰক্তক্ষয়ী যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কি কথা হ’ল ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ.. জানো আহক

0 156

মধ্যপ্ৰাচ্যত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰি ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ।

ফোনযোগে বাৰ্তালাপ কৰা নেতানিয়াহুৱে ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ভাৰতীয় ইজৰাইলৰ লগত আছে বুলি বেঞ্জামিনৰ আগত উল্লেখ কৰে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পতাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি এই কথা ৰাজহুৱা কৰে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফোন কৰি ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে যে এই কঠিন পৰিস্থিতিত সকলো ভাৰতীয়ই ইজৰাইলৰ সৈতে আছে।

ইয়াৰ পূৰ্বেও শনিবাৰে (৭ অক্টোবৰ) পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলৰ ওপৰত কৰা ৰকেট আক্ৰমণক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

শনিবাৰে তেওঁ টুইটাৰযোগে লিখিছিল, ‘ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰত স্তম্ভিত হৈ উঠিছো। মৃতকৰ পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিলো।‘

উল্লেখ্য যে, শনিবাৰে হঠাত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে অতৰ্কিতে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা আৰম্ভ হয় যুদ্ধ।

দুয়োপক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত এতিয়ালৈকে কেইবা হাজাৰ লোকৰ মৃত্যু ঘটিছে।

Leave A Reply

Your email address will not be published.