ISHAN NEWS – Always One Step Ahead of Time…

পেলেষ্টাইনত বসবাস কৰা ভাৰতীয়ৰ বাবে জৰুৰীকালীন নম্বৰ জাৰি

0 242

ইজৰাইলৰ ওপৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে ৰকেট আক্ৰমণৰ পিছত আৰম্ভ হোৱা যুদ্ধৰ মাজতে ভাৰতীয়সকলৰ বাবে জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ।

পেলেষ্টাইনস্থিত ভাৰতৰ প্ৰতিনিধি কাৰ্যালয়ে বুধবাৰে (১১ অক্টোবৰ) কয় যে নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনসাধাৰণৰ বাবে জৰুৰীকালীন অৱস্থাত সহায়ৰ বাবে জৰুৰীকালীন নম্বৰ জাৰি কৰা হৈছে।

ভাৰতৰ প্ৰতিনিধি কাৰ্যালয়ে জনোৱা মতে, এই জৰুৰীকালীন নম্বৰ ২৪ ঘন্টা কাৰ্যক্ষম হৈ থাকিব। জাৱালঃ ০৫৯২-৯১৬৪১৮ আৰু হোৱাটছএপৰ বাবে +৯৭০-৯২৯১৬৪১৮।

প্ৰতিনিধি কাৰ্যালয়ে কয়, ‘সুৰক্ষাৰ বাবে ভাৰতীয়সকলে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে।‘
ইফালে ইজৰাইল আৰু পেলেষ্টাইনত বসবাস কৰা ভাৰতীয় জনসাধাৰণক সহায়ৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ইয়াত ২৪ ঘণ্টাই নম্বৰ কেইটা সক্ৰিয় হৈ থাকিব।

এই নম্বৰসমূহ হ’ল ১৮০০১১৮৭৯৭, +৯১-১১-২৩০১২১১৩, +৯১-১১-২৩০১৪১০৪, +৯১-১১-২৩০১৭৯০৫ আৰু +৯১৯৯৬৮২৯১৯৮৮। লগতে ২৪ ঘণ্টাৰ বাবে জৰুৰীকালীন নম্বৰ হৈছে +৯৭২-৩৫২২৬৭৪৮, +৯৭২-৫৪৩২৭৮৩৯২।

উল্লেখ্য যে, শনিবাৰে (৭ অক্টোবৰ) পুৱা ইজৰাইলৰ ওপৰত হামাছে অতৰ্কিতে আক্ৰমণ কৰে। তেতিয়াৰ পৰাই এই যুদ্ধ অব্যাহত আছে।

তথ্য অনুসৰি এই যুদ্ধত এতিয়ালৈকে প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ৩৬০০ অতিক্ৰম কৰিছে। ইয়াত ইজৰাইল আৰু পেলেষ্টাইন উভয়ৰে মানুহ আছে।

Leave A Reply

Your email address will not be published.