ISHAN NEWS – Always One Step Ahead of Time…

ৰাষ্ট্ৰীয় স্বাৰ্থ ত্যাগ কৰাটো কংগ্ৰেছৰ DNA-ত আছে : কিয় হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে?

0 171

মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ বিভীষিকাময় পৰিৱেশ। পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধত এতিয়া দিশহাৰা সাধাৰণ লোক। ইজৰাইল-পেলেষ্টাইনৰ ভূমিত এতিয়া কেৱল মৃতদেহৰ দ’ম।

দুয়ো পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত মৃত্যু হৈছে কেইবা হাজাৰ লোকৰ। বিগত শনিবাৰে বিতৰ্কিত গাজা ষ্ট্ৰিপৰ পৰা হামাছে চলোৱা অতৰ্কিত আক্ৰমণৰ পিছৰে পৰা ইজৰাইলে প্ৰতিশোধৰ মানসিকতাৰে ভয়ংকৰ ৰূপত চলাইছে আক্ৰমণ।

হামাছৰ এই আক্ৰমণক বিশ্বৰ আগশাৰীৰ দেশসমূহে গৰিহণা জনোৱাৰ লগতে এই সংকটজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বহু শক্তিধৰ দেশে ইজৰাইলক সমৰ্থনো আগবঢ়াইছে।

আমেৰিকা, ফ্ৰান্স, ইংলেণ্ড আদি দেশৰ লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰেও ইজৰাইলৰ পক্ষত থকা বুলি মুকলিকৈ ঘোষণা কৰিছে।

ভাৰত চৰকাৰৰ এই ঘোষণাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে। দলটোৱে পেলেষ্টাইনৰ পক্ষত মন্তব্য কৰি একপ্ৰকাৰ সন্ত্ৰাসবাদী সংগঠন হামাছক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ এই স্থিতিত ক্ষুন্ন হৈ দলটোক পুনৰ এবাৰ চোকা ভাষাৰে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কংগ্ৰেছ দলক পাকিস্তান আৰু তালিবানৰ সৈতে তুলনা কৰিছে।

তেওঁ কয়, ‘তুষ্টিকৰণ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থ ত্যাগ কৰাটো কংগ্ৰেছৰ ডি এন এত আছে।‘

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পাকিস্তান আৰু তালিবানৰ মাজত যি সাদৃশ্য দেখা যায় সেয়া কংগ্ৰেছৰ প্ৰস্তাৱতো দেখা পোৱা যায়।

উদাহৰণ দাঙি ধৰি তেওঁ কয়, ‘কংগ্ৰেছে হামাছক সমালোচনা নকৰে। ইজৰাইলৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা নিদিয়ে। মহিলা আৰু শিশুক বন্দী কৰাৰ সময়তো মৌনতা অৱলম্বন।‘

ব্যক্তিগতভাৱে কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয় বিজেপি দলেও চোকা সমালোচনা কৰিছে কংগ্ৰেছক। কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে পেলেষ্টাইনী জনসাধাৰণৰ ভূমি, আত্মশাসন আৰু মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰক সমৰ্থন কৰাৰ কথা কোৱাত বিজেপিয়ে কয় যে কংগ্ৰেছে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰল্হাদ যোশীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ জৰিয়তে প্ৰশ্ন কৰে যে কংগ্ৰেছে যেতিয়া “মুকলিকৈ হিংসাৰ পক্ষ লৈছে” তেতিয়া দেশ আৰু নাগৰিকক কেনেকৈ সুৰক্ষা দিব।

উল্লেখ্য যে, হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধত এই পৰ্যন্ত দুয়োপক্ষৰ প্ৰায় ৩৫০০ লোক নিহত হোৱাৰ লগতে কেইবা হাজাৰৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে।

Leave A Reply

Your email address will not be published.