ISHAN NEWS – Always One Step Ahead of Time…

প্রধানমন্ত্রী মোডী আৰু জয়শংকৰক হত্যা কৰাৰ ভাবুকিৰে কানাডাৰ গুৰুদ্বাৰত পোষ্টাৰ । ভাৰতে কি ক’লে কানাডাক ? ISHAN NEWS…

0 198

কানাডাৰ গুৰুদ্বাৰৰ বাহিৰত খালিস্তানিয়ে লগোৱা কেইখনমান পোষ্টাৰে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে । পোষ্টাৰ কেইখনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰক হত্যাৰ আহ্বান জনাইছে । এই পোষ্টাৰ সমূহ লগোৱাৰ পাছতেই ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ নিৰাপত্তা বৃদ্ধি কৰিছে। এতিয়াৰ পৰা জেড শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিব ভাৰতৰ বৈদেশিক পৰিক্রমা মন্ত্রী এছ, জয়শংকৰে।


ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে , খালিস্তানি গোট শিখছ ফৰ জাষ্টিচে ১০ অক্টোবৰত এই পোষ্টাৰ সমূহ কানাডাৰ গুৰুদ্বাৰৰ বাহিৰত লগাইছিল । ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰাত এই পোষ্টাৰ সমূহ লগোৱা হৈছে। উল্লেখযোগ্য যে এইটো গুৰুদ্বাৰৰ সন্মুখতে খলিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক ১৮ জুনত গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই।


এছএফজে অৰ্থাৎ খালিস্তানি গোট শিখছ ফৰ জাষ্টিছে আকৌ এবাৰ ভাৰতৰ শিখসকলৰ বাবে এখন পৃথক ৰাজ্য গঠন কৰিবলৈ ‘গণভোট’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত প্রকাশিত তথ্য মতে ২৯ অক্টোবৰত ভেঙ্কুভাৰ চহৰত অনুষ্ঠিত হ’ব গণভোট। ইয়াৰ পূৰ্বে ২১ অক্টোবৰত চাৰে চহৰৰ পৰা ভাৰতীয় দুতাবাসলৈ এক প্ৰতিবাদী সমদল উলিয়াব খালিস্তানী সকলে।


উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে খালিস্তানীয়ে গুৰুদ্বাৰত লগোৱা পোষ্টাৰ সমূহত লিখিছিল ভাৰতীয় উচ্চয়ুক্ত সঞ্জয় কুমাৰ বাৰ্মা, কনচুলেট জেনেৰেল মনীষ আৰু অপূৰ্ব শ্ৰীবাস্তৱক হত্যা কৰাৰ কথা। এতিয়া নতুনকৈ লগোৱা পোষ্টাৰ সমূহত লিখা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হত্যা কৰাৰ কথা।


যোৱা বূধবাৰ অক্টোবৰৰ ১১ তাৰিখে, ভাৰতত থকা কানাডিয়ান উচ্চায়ুক্ত কেমেৰুন মেকেক চাউথ ব্লকলৈ জৰুৰীভাবে মাতি অনা হৈছিল। উচ্চায়ুক্ত গৰাকীক আনুষ্ঠানিকভাৱে এটা প্ৰতিবাদী টোকা দিছিল ভাৰত চৰকাৰে। লগতে, ডাৰত চৰকাৰে কানাডাৰ চৰকাৰক তাৎক্ষণিকভাবে গুৰুদ্বাৰৰ বাহিৰত লগোৱা পোষ্টাৰবোৰ আঁতৰ কৰিবলৈ কৈছিল । ইয়াৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু কানাডাত থকা ভাৰতৰ কূটনীতিবিদসকলৰ প্ৰতি অহা ভাবুকিৰ ক্ষেত্রত কানাডাই তদন্ত কৰা উচিত বুলি উল্লেখ কৰিছিল । আৰূ এনেধৰণৰ অপৰাধীৰ বিৰুদ্ধে কানাডাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

Leave A Reply

Your email address will not be published.