ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱা হামাছৰ শক্তিৰ আঁৰৰ চাৰিখন মুখ

0 483

সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত। বিগত ৭ অক্টোবৰ অৰ্থাত শনিবাৰে হামাছে চলোৱা অতৰ্কিত আক্ৰমণৰ পিছৰে পৰা ইজৰাইলেও তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ।

ইজৰাইলে গাজা সীমান্তলৈ টেংকৰসহ প্ৰায় ৩ লাখ ৰিজাৰ্ভ বাহিনী প্ৰেৰণ কৰিছে।

ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পিছত চৰ্চালৈ আহিছে হামাছৰ সামৰিক সামৰ্থ্য। আক্ৰমণৰ পিছত এতিয়া বিশ্বজুৰি চৰ্চা চলিছে হামাছৰ আঁৰত থকা প্ৰমুখ মাষ্টাৰমাইণ্ড কেইজনৰ নাম।

মহম্মদ জেইফ

মহম্মদ জেইফ হামাছৰ আল-কাছিম ব্ৰিগেড (সেনা)ৰ মুখ্য অধিনায়ক। তেওঁৰ বিষয়ে তথ্য খুব কম। ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, জেইফৰ শৈশৱ ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মাজতে পাৰ হৈছিল।

হামাছ প্ৰতিষ্ঠাৰ সময়ত জেইফক ইজ আল-দিন আল-কাছিম ব্ৰিগেডৰ মুৰব্বী নিযুক্তি দিয়া হৈছিল। পিছলৈ জেইফে নিজেই আল-কাছিম ব্ৰিগেড প্ৰতিষ্ঠা কৰে।

ৰকেট আৰু মাটিৰ তলৰ সুৰংগ নিৰ্মাণত জেইফে ডাঙৰ ভূমিকা লৈছিল বুলি অনুমান কৰা হয়। হামাছৰ বোমা বিশেষজ্ঞ ইয়াহ্যা আয়্যাছ জেইফৰ অতি ঘনিষ্ঠ আছিল। ১৯৯৬ চনত ইজৰাইলী সেনাই ইয়াহ্যাক হত্যা কৰিছিল।

ইয়াৰ পিছত জেইফে সতীৰ্থৰ হত্যাৰ ‘প্ৰতিশোধ’ৰ বাবে ইজৰাইলত কেইবাটাও আত্মঘাতী আক্ৰমণ সংঘটিত কৰে।

ইজৰাইলে মহম্মদ জেইফক হত্যা কৰাৰ কেইবাবাৰো চেষ্টা কৰিছিল যদিও প্ৰতিবাৰেই তেওঁ ইজৰাইলী সেনাৰ চকুত ধূলি দি সাৰি যাবলৈ সক্ষম হৈছিল।  

ইজৰাইল সেনাৰ তথ্য অনুসৰি জেইফে আক্ৰমণত এটা চকু আৰু শৰীৰৰ এটা অংশ হেৰুৱাইছিল। বহুবাৰ মৃত্যুক পৰাস্ত কৰাৰ বাবে জেইফক ‘এ কেট উইথ নাইন লাইভছ’ বুলি কোৱা হয়।

গাজা অঞ্চলত জেইফক জিফ বুলিও কোৱা হয়, যাক হিন্দীত আলহী বুলি কোৱা হয়। এটা নিশাতকৈ বেছি ক’তো নাথাকে বাবেই তেওঁক জিফ বুলি কোৱা হয়।

মহম্মদ জেইফৰ সোঁহাত মাৰৱান ইছা

ছায়া নামেৰে পৰিচিত মাৰৱান ইছা হৈছে আল কাছিম ব্ৰিগেডৰ উপ-সেনাধ্যক্ষ। মাৰৱান ইছাক মহম্মদ জেইফৰ সোঁহাত বুলি কোৱা হয়। ইজৰাইলৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ সময়ত গ্ৰেপ্তাৰ হৈছিল মাৰৱান।

ইজৰাইলৰ মতে মাৰৱান জীয়াই থকালৈকে ইজৰাইল আৰু হামাছৰ যুদ্ধ কেতিয়াও অন্ত নপৰে। কাৰণ ইজৰাইলে বিশ্বাস কৰে যে মাৰৱান এজন অতি চতুৰ ব্যক্তি, ইমানেই চতুৰ যে তেওঁ ‘প্লাষ্টিকক লোহালৈ ৰূপান্তৰিত’ কৰিব পাৰে।

উল্লেখ্য যে, ২০১১ চনৰ পূৰ্বে মাৰৱানক চিনাক্ত কৰাটো ইজৰাইলৰ বাবে আছিল কঠিন। ইজৰাইলে দুবাৰকৈ মাৰৱানৰ ঘৰ ভাঙি পেলাইছে যদিও এতিয়াও তেওঁ ইজৰাইলীৰ নিয়ন্ত্ৰণৰ বাহিৰত।

আমেৰিকাই সন্ত্ৰাসবাদী ঘোষণা কৰা য়াহিয়া ইব্ৰাহিম

হামাছৰ চোৰাংচোৱা সংস্থা ‘মজিদ’ৰ প্ৰতিষ্ঠাপক য়াহিয়া ইব্ৰাহিম। ২০১৫ চনত আমেৰিকাই য়াহিয়াক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। ২০১৭ চনত তেওঁক গাজাত হামাছৰ ৰাজনৈতিক মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।

ইছমাইল হানিয়ে

ইছমাইল হানিয়ে হামাছৰ ৰাজনৈতিক শাখাৰ মুৰব্বী। ১৯৬২ চনত গাজা অঞ্চলৰ শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰিছিল ইছমাইলে। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গাজাৰ ৰাষ্ট্ৰসংঘৰ ৰিলিফ এণ্ড ৱৰ্ক এজেন্সিত হৈছিল। ১৯৮১ চনত ইছমাইলে গাজাত আৰবী সাহিত্য অধ্যয়ন কৰে।

১৯৮৮ চনত ইজৰাইলৰ বিৰুদ্ধে বিদ্ৰোহত জড়িত থকাৰ বাবে ইজৰাইলী কৰ্তৃপক্ষই ইছমাইল হানিয়েক গ্ৰেপ্তাৰ কৰে। এইয়াই প্ৰথম বিদ্ৰোহ বুলি জনা যায়। ইছমাইলে ৬ মাহ কাৰাগাৰত কটায় আৰু ১৯৮৯ চনত পুনৰ গ্ৰেপ্তাৰ হয়। ইয়াৰ পিছত তেওঁ ১৯৯২ চনলৈকে কাৰাবাস খাটিবলগীয়া হয়। ইয়াৰ পিছত ইজৰাইলে ইছমাইলক ৪০০ৰো অধিক বিদ্ৰোহীৰ সৈতে দক্ষিণ লেবাননলৈ পঠিয়াই দিয়ে।

উল্লেখযোগ্য যে ১৯৮৭ চনৰ পৰা আৰম্ভ হোৱা প্ৰথম বিদ্ৰোহ ১৯৯৩ চনলৈকে চলিছিল। এই সময়ছোৱাত ইজৰাইলে পশ্চিম পাৰ, গাজা ষ্ট্ৰিপ আৰু পূব জেৰুজালেম দখল কৰাৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ ফলত ব্যাপক প্ৰতিবাদ আৰু আনকি আত্মঘাতী বোমা বিস্ফোৰণো সংঘটিত হয়।

ইছমাইল হানিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে পেলেষ্টাইন কৰ্তৃপক্ষৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনত পেলেষ্টাইনৰ বিধান পৰিষদৰ নিৰ্বাচনত হামাছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু তাৰ পিছত হামাছ চৰকাৰ গঠন কৰা হৈছিল।

Leave A Reply

Your email address will not be published.