ISHAN NEWS – Always One Step Ahead of Time…

চাঞ্চল্যকৰ! বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

0 11,334

মঙলদৈত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বন্ধ কোঠাৰ ভিতৰত মাতৃ আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মৃতদেহ উদ্ধাৰ হোৱা মাতৃগৰাকীক ৭৫ বছৰীয়া দুৰ্গেশ্বৰী দেৱী আৰু পুত্ৰজনক ৫৫ বছৰীয়া বিৰাজ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাটো সংঘটিত হৈছে মঙলদৈৰ কৰিম চ’কত।

জানিব পৰা মতে, পুত্ৰ বিৰাজ শৰ্মাৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত স্থানীয় ৰাইজে জিলাখনৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে দণ্ডাধিশ আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ মৃতহেদ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বন্ধ কোঠাৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা মাতৃ আৰু পুত্ৰৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.