ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইলৰ মিছাইল আক্ৰমণত এজন সাংবাদিক নিহত আৰু ৬ জন আহত। ISHAN NEWS…

0 277

লেবাননত ইজৰাইলে চলোৱা মিছাইল আক্রমণত মৃত্যু হয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ সাংবাদিক ইছাম আব্দুলাৰ । লাইভ ভিডিঅ’ সংকেত প্ৰেৰণ কৰি থকাৰ সময়তে মৃত্যু হয় সাংবাদিক গৰাকীৰ । এটা পাহাৰৰ কাষত কেমেৰাটো থৈ সাংবাদিক গৰাকী ব্যস্ত হৈ থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণে কেমেৰাটো কঁপাই তোলাৰ লগতে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আগুৰি ধৰে । সেইসময়ত অঞ্চলটোত চিঞৰ-বাখৰ শুনা গৈছিল বুলিও ৰয়টাৰে এটা বিবৃত্তিৰ জৰিয়তে প্রকাশ কৰিছে ।

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ইজৰাইলে শুকুৰবাৰে দক্ষিণ লেবাননত হিজাবুল্লাহ উগ্ৰপন্থীৰ গোপন স্থানক লক্ষ্য কৰি মিছাইলেৰে আক্ৰমণ কৰিছিল। সেইসময়ত দক্ষিণ লেবাননত কৰ্তব্যত বস্ত থকা ৰয়টাৰৰ ভিডিঅ’ সাংবাদিক গৰাকী ইজৰাইলে নিক্ষেপ কৰা মিছাইলত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয়। একে সময়তে আন ছগৰাকী সাংবাদিক আহত হয়।

ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ) য়ে এতিয়ালৈকে এইসন্দৰ্ভত কোনো বিবৃতি জাৰি কৰা নাই। ইজৰাইলত ৰাষ্ট্ৰসংঘৰ বিষয়া গিলাদ এৰ্দানে শুকুৰবাৰে কয়, “অৱশ্যে, আমি কেতিয়াও কৰ্তব্যত ব্যস্ত থকা কোনো সাংবাদিকক হত্যা বা গুলীয়াব নিবিচাৰো।

সংবাদ সংস্থা ৰয়টাৰ্ছে ভিডিঅ’গ্ৰাফাৰৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । এই ঘটনাত
এপি আৰু আল জাজিৰাৰো দুজন সাংবাদিক আহত হয় । আল জাজিৰাই এই ঘটনাৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে।

Leave A Reply

Your email address will not be published.