ক্ৰিকেট বিশ্বকাপত ভাৰতে চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰাৰ পাছত দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰা দেখা যায়।
বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ধাৰা অব্যাহত ৰখা ভাৰতীয় দলক অভিনন্দন নজনোৱাৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই অতি কটু সুৰত কয় যে সমগ্ৰ দেশ আনন্দত আনন্দিত হৈছে, সকলোৱে মিলি ভাৰতৰ বিজয় উদযাপন কৰিলে কিন্তু “প্ৰেমৰ দোকান”ৰ পৰা এটা শব্দও ওলাই নাহিল।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি লয়।
উল্লেখ্য যে কালি (শনিবাৰ) গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা খেলখনত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৮৬ ৰানৰ সৰ্বোত্তম স্ক’ৰেৰে দলটোক ৭ উইকেটত জয়লাভ কৰাত সহায় কৰে।
ইফালে, জশপ্ৰীত বুমৰাহেও পাকিস্তানৰ বিৰুদ্ধে মেচখনত অভিলেখ গঢ়িবলৈ সক্ষম হয়। মেচখনত ছাদাব খানক আউট কৰাৰ লগে লগে বুমৰাহ চলিত এদিনীয়া বিশ্বকাপৰ যৌথ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।