বিগত এসপ্তাহৰ পৰা চলি থকা ইজৰাইল আৰু হামাছৰ যুদ্ধ সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইজৰাইলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱা হামাছৰ সমৰ্থনত মন্তব্য কৰি অহা লোকসকলে প্ৰকৃতাৰ্থত সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।
শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই মা বিন্ধ্যবাচিনীৰ দৰ্শন কৰিবলৈ বিন্ধ্যাচলত উপস্থিত হোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছিল।
মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই কয়, ‘কোনোৱে হামাছক সমৰ্থন কৰা উচিত নহয়। হামাছক সমৰ্থন কৰাটোৱেই হৈছে সন্ত্ৰাসবাদক সমৰ্থন কৰা। ইয়াৰ সমৰ্থনত শোভাযাত্ৰা উলিয়াবলৈ লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হোৱা উচিত।‘
ইজৰাইল-হামাছ যুদ্ধ সন্দৰ্ভত দেশৰ বহু নেতাই ইজৰাইলৰ বিৰুদ্ধে বিবৃতি প্ৰদান কৰি আহিছে। আনকি বহু নেতাই ইজৰাইলক পুৰণি দিনৰ কথা সোঁৱৰাই দিয়াৰ কথাও কৈছিল।
ইফালে হামাছৰ আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সমৰ্থনত মন্তব্য কৰি কৈছিল, ‘ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই স্তম্ভিত হৈছো। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে। আমি এই কঠিন সময়ত ইজৰাইলৰ সৈতে সংহতিৰে থিয় দিছো।‘
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছে ইজৰাইল আৰু হামাছৰ যুদ্ধ সন্দৰ্ভত পেলেষ্টাইনক সমৰ্থন কৰি প্ৰস্তাৱ গৃহীত কৰিছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ স্থিতি লক্ষ্য কৰি দলটোক পাকিস্তানৰ লগত তুলনা কৰিছিল।