পেঞ্চনভোগী সকলৰ বাবে ডাঙৰ খবৰ ।জীৱন প্ৰমাণপত্ৰ দাখিল কৰোঁতে আঙুলিৰ ছাপৰ সলনি মুখৰ ফটোগ্ৰাফৰ ওপৰত গুৰুত্ব আৰোপ ।
বিভিন্ন সময়ত পেঞ্চনভোগী সকলৰ আঙুলিৰ ছাপ নকল কৰাৰ অভিযোগ পোহৰলৈ অহাৰ পাছতে পেঞ্চনভোগী সকলৰ মাজত আতংকৰ সৃষ্টি হয় । আধাৰৰ নিৰাপত্তা সন্দৰ্ভতো প্রশ্ন উণ্থাপন কৰিছে পেঞ্চনভোগী সকলে ।
কিন্তু পেঞ্চনভোগী সকলে পেঞ্চন অব্যাহত ৰাখিবলৈ প্রতিবছৰে বেংকত জীৱন প্ৰমাণপত্ৰ জমা দিয়াটো বাধ্যতামুলক । এতিয়া পেঞ্চন প্রাপ্ত সকলে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ সময়ত পুণৰ বৃদ্ধি পাইছে উদ্বেগ । উল্লেখযোগ্য যে বহু পেঞ্চনাৰে বেঙ্কৰ দিঘলীয়া শাৰী পৰিহাৰ কৰিবলৈ গ্ৰাহক সেৱা কেন্দ্ৰ বা চাইবাৰ কেফেত আধাৰ-আধাৰিত প্ৰযুক্তিৰে আঙুলিৰ ছাপ দাখিল কৰে।
শেহতীয়াকৈ এই ক্ষেত্রত ভাৰতীয় ষ্টেট বেংকে সকলো পেঞ্চনভোগীকে আঙুলিৰ ছাপৰ পৰিৱৰ্তে আধাৰ-আধাৰিত প্ৰযুক্তিৰ জৰিয়তে ফেচ ফটোগ্ৰাফৰ সহায়ত পৰিচয় প্ৰমাণীকৰণৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে।
এতিয়া প্রশ্ন উণ্থাপন হৈছে বিশ্বৰ আটাইতকৈ সুৰক্ষিত পৰিচয় প্ৰমাণীকৰণ প্ৰণালীসমূহৰ ভিতৰত আধাৰ অন্যতম বুলি দাবী কৰিছিল মোডী চৰকাৰে , ইয়াৰ পাছতো আঙুলিৰ ছাপ ব্যৱহাৰ ক্ষেত্রত কিয় নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে পেঞ্চনভোগী সকল ?আঙুলিৰ ছাপ নকল কৰাৰ অভিযোগ পোহৰলৈ অহাৰ পিছত, বহুলোক এই বিষয়টোক লৈ নিৰাপত্তাহীনতাত ভুগিছে ।
ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া গুলজাৰ আলাইয়ে কয় যে , কেন্দ্ৰই জ্যেষ্ঠ চৰকাৰী পেঞ্চনাৰসকলৰ সুবিধাৰ বাবে মুখৰ আলোকচিত্ৰ দেখুৱাই জীৱন প্ৰমাণপত্ৰ জমা কৰাৰ সুবিধা প্ৰচাৰ কৰিবলৈ জ্যেষ্ঠ চৰকাৰী পেঞ্চনাৰসকলক অনুৰোধ জনাইছে। তেওঁলোকৰ নিৰ্দেশনা অনুসৰি, যিকোনো লোকে বিচাৰিলে আঙুলিৰ ছাপ ব্যৱহাৰ কৰিব পাৰে। কিন্তু বেংককে ধৰি সকলো পক্ষই মুখৰ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব দিব লাগে। এই ক্ষেত্ৰত, প্লে ষ্টোৰৰ পৰা ‘আধাৰফেচআৰডি’ এপ আৰু জীৱন প্ৰমান ফেচ এপ ডাউনলোড কৰি জীৱন প্ৰমান পৰ্টেলৰ (http://jeevanpramaan.gov.in) পৰা ডাউনলোড কৰি জমা দিব পাৰিব ।