মিজোৰামত ৰাহুল গান্ধীয়ে মোডীক সমালোচনা কৰি কি ক’লে ।
দুদিনীয়া কাৰ্যসূচীৰে আজি মিজোৰামত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মিজোৰামত উপস্থিত হৈ আইজলৰ চানমাৰীৰ পৰা ৰাজভৱনলৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে । এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোডীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।
ৰাহুল গান্ধীয়ে ভাষণ প্রসংগত কয় যে , জি, এছ, টি য়ে আমাৰ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলৰ ব্যৱসায় ধ্বংস কৰাৰ লগতে কৃষক সকলকো বিপদৰ মাজলৈ থেলি দিছে । ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ বাবে প্রধানমন্ত্রীৰ এটাই শব্দ ‘আদানি’ বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে ।কেৱল এজন ব্যৱসায়ীৰ উন্নয়নৰ বাবে প্রধানমন্ত্রী মোডীয়ে সকলো ডিজাইন কৰিছে বুলি কটাক্ষ কৰে ৰাহুল গান্ধীয়ে ।
ৰাহুল গান্ধী আইজলত উপস্থিত হোৱাৰ পাছতেই কংগ্ৰেছ দলে আগন্তুক ৪০ জনীয়া মিজোৰাম বিধানসভাৰ ৩৯ জন প্রাৰ্থীৰ নাম ঘোষণা কৰে ।
আইজল ভ্ৰমণৰ দ্বিতীয় দিনা ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ নেতাসকলক সাক্ষাৎ কৰাৰ লগতে এখন সংবাদমেলতো সম্বোধন কৰিব ।
উল্লেখ্য যে,অহা ৭ নবেম্বৰত অনুষ্ঠিত হব ৪০ জনীয়া মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ । ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।