ISHAN NEWS – Always One Step Ahead of Time…

সমকামী বিবাহক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ।

0 236

উচ্চতম ন্যায়ালয়ে আইনী স্বীকৃতি নিদিলে সমকামী বিবাহৰ। সমকামীৰ বিবাহৰ বিষয়টো সংসদৰ ভিতৰুৱা বিষয় বুলি কয়, উচ্চতম ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰক সমলিংগৰ বিবাহৰ বিষয়টোত উপযুক্ত পদক্ষেপ লবলৈ গাইডলাইন জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে । বিবাহৰ অধিকাৰ বিষয়টো মৌলিক অধিকাৰ নহয় বুলি কয়, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি, ৱাই চন্দ্ৰচুৰে। উল্লেখ্য যে ২০২৩ চনৰ ১১ মে’ত ১০ দিনীয়া আলোচনাৰ অন্তত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে এই সন্দৰ্ভত নিজৰ বিচাৰ সংৰক্ষণ কৰি ৰাখিছিল ।

উল্লেখ্য যে , বিশ্বৰ ১৯৪ খন দেশৰ ভিতৰত কেৱল ৩৪ খন দেশেহে সমকামী বিবাহক বৈধতা প্ৰদান কৰিছে, ইয়াৰ ভিতৰত২৫ খন দেশে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে সমকামী বিবাহক স্বীকৃতি দিছে । আনহাতে ৯ খন দেশে আইনসভা আৰু ন্যায়পালিকাৰ জৰিয়তে এনে পদক্ষেপ গ্ৰহণ কৰিছে। দক্ষিণ আফ্ৰিকা হৈছে একমাত্ৰ দেশ য’ত ন্যায়পালিকাৰ জৰিয়তে সমকামী বিবাহক বৈধতা প্রদান কৰিছে । আইনী প্ৰক্ৰিয়াৰ জৰিয়তে সমকামী বিবাহক বৈধতা প্ৰদান কৰা বিশ্বৰ গুৰুত্বপূৰ্ণ দেশ কেইখন হৈছে ইংলেণ্ড, অষ্ট্ৰেলিয়া, জাৰ্মানী, ফ্ৰান্স, কানাডা, চুইজাৰলেণ্ড, আয়াৰলেণ্ড, চুইডেন, স্পেইন, নৰৱে, নেডাৰলেণ্ড, ফিনলেণ্ড, ডেনমাৰ্ক, কিউবা, শ্লোভেনিয়া আৰু বেলজিয়াম। 
যোৱা বছৰ, সমকামী বিবাহক বৈধতা প্ৰদান কৰা দেশ তিনিখন হ’ল, এণ্ডোৰা, কিউবা আৰু শ্লোভেনিয়া ।

Leave A Reply

Your email address will not be published.