২০২৪ বৰ্ষত,১৪৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয় । ৰাজ্য চৰকাৰে অনুমোদন জনালে বন্ধৰ তালিকাত
২০২৪ চনৰ চৰকাৰী বন্ধৰ তালিকাত আজি অনুমোদন জনায় হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। ২০২৪ ত চৰকাৰী বন্ধ ৩৬ দিন । সীমিত বন্ধ ৩০ দিন, অৰ্ধ চুটি দুদিন , ৫২ টা দেওবাৰ আৰু ২৬ টা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ । ২০২৪ ত অসম চৰকাৰৰ সৰ্বমুঠ বন্ধৰ সংখ্যা হব ১৪৫ দিন । অসম চৰকাৰৰ কেবিনেটে ২০২৪ চনৰ এইখন বন্ধৰ তালিকাত অনুমোদন জনোৱাৰ কথা সদৰী কৰে ।
কেবিনেটৰ আন কেইটামান সিদ্ধান্ত
ক) বসুন্ধৰা২ ৰ জৰিয়তে ৰাজ্যৰ ১২৩ টা খিলঞ্জীয়া পৰিয়ালক ভুমি প্রদানৰ বাবে অনুমোদন
খ) নামনি অসমৰ ৫৫ হাজাৰ ভূমিহীন পৰিয়ালক ভূমি পট্ৰা প্রদানৰ সিদ্ধান্ত ।
গ) ৰাজ্যত ৪০০ নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপনৰ সিদ্ধান্ত ।
ঘ) পুৰণি বিদ্যালয়ৰ ভৱন নৱীকৰণৰ বাবে ৭ কোটি টকা আৱণ্টনৰ সিদ্ধান্ত ।
ঙ) ৬, ৯৫৩ খন পূজা কমিটিক ১০,০০০ টকাকৈ প্রদানৰ সিদ্ধান্ত।