ISHAN NEWS – Always One Step Ahead of Time…

‘অশিক্ষিত শিশু’, ৰাজনীতিৰ কোনো জ্ঞান নাই : ৰাহুল গান্ধীক পুনৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ

0 262

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শেহতীয়াকৈ বংশবাদৰ ৰাজনীতি সন্দৰ্ভত কৰা মন্তব্যক লৈ সমালোচনা কৰি ৰাজনীতিৰ কোনো জ্ঞান নথকা ‘অশিক্ষিত শিশু’ বুলি অভিহিত কৰে।

শৰ্মাই কয়, ‘এটা পৰিয়ালৰ পৰা সকলোৱে ৰাজনীতিত জড়িত হৈ আহিছে – মা, দেউতা, ভাই-ভনী… আৰু দলটোক নিয়ন্ত্ৰণ কৰি আহিছে, কিন্তু তেওঁ বিজেপিৰ লগত তেওঁলোকক কেনেকৈ তুলনা কৰিব পাৰে?

মঙলবাৰে ৰাহুল গান্ধীয়ে মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰৰ পদৰ কথা উল্লেখ কৰিছিল।

গান্ধীয়ে এটা প্ৰশ্নৰ উত্তৰত কৈছিল, ‘অমিত শ্বাহৰ পুত্ৰই কি কৰে? বাস্তৱত তেওঁ কি কৰি আছে? (প্ৰতিৰক্ষা মন্ত্ৰী) ৰাজনাথ সিঙৰ পুত্ৰই কি কৰে? মই শুনিছো যে অমিত শ্বাহৰ পুত্ৰই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ কৰি আছে। বিজেপি নেতা সকলৰ ফালে চাওক আৰু নিজকে সোধক যে তেওঁলোকৰ সন্তানে কি কৰি আছে? তেওঁলোকৰ বহু সন্তান বংশবাদৰ পৰা আহিছে।‘

উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ বিচিচিআইৰ সচিব তথা এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি হোৱাৰ বিপৰীতে ৰাজনাথ সিঙৰ পুত্ৰ উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য।

ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত শৰ্মাই কয়, ‘অমিত শ্বাহৰ পুত্ৰৰ কথা কেনেকৈ আহিল? তেওঁ ভাৰতীয় জনতা পাৰ্টিত নাই, কিন্তু ৰাহুলৰ সমগ্ৰ পৰিয়াল ৰাজনীতিত, ৰাহুলে ভাবে যে বি চি চি আই বিজেপিৰ এটা শাখা। মোক তেওঁৰ বিষয়ে বেছি সুধিব নালাগে  তেওঁ এজন ‘অশিক্ষিত শিশু’।‘

শৰ্মাই লগতে কয়, ৰাজনাথ সিঙৰ পুত্ৰ বৰ্তমান উত্তৰ প্ৰদেশৰ এগৰাকী বিধায়ক, তেওঁৰ লগত প্ৰিয়ংকা গান্ধীৰ তুলনা কৰিব পাৰিনে? তেওঁ বিজেপিক নিয়ন্ত্ৰণ কৰে নেকি?’

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধীয়ে নতুন মানুহক সুযোগ দিব লাগে আৰু তাৰ পাছত বংশবাদৰ ৰাজনীতিৰ কথা ক’ব লাগে৷

ৰাজনীতিৰ বিষয়ে ৰাহুলৰ কোনো জ্ঞান নাই বুলিও কটু সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.