ISHAN NEWS – Always One Step Ahead of Time…

দুটাকৈ ফটকা বনোৱা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ১১ গৰাকী শ্ৰমিকৰ মৃত্যু ISHAN NEWS…

0 230

তামিলনাডুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দীপান্বিতালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ প্ৰতি লক্ষ্য ৰাখি ফটকা বনোৱা কাৰখানা সমূহ হৈ উঠিছে সক্ৰিয়। দিনে নিশাই শ্ৰমিক সকলে ফটকা বনোৱাত ব্যস্ত হৈ থকাৰ মাজতে মঙলবাৰে ৰাজ্যখনৰ বিৰুধুনগৰ জিলাত দুটাকৈ আতচবাজী কাৰখানাত সংঘটিত অগ্নিকাণ্ডত কমেও এঘাৰজন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হয়।


আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ লগতে স্থানীয় লোকৰ সামগ্ৰিক প্ৰচেষ্টাত জুই নিৰ্বাপন কৰা হয় আৰু ভুক্তভোগীক উদ্ধাৰৰ চেষ্টা চলায়।


আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, ৰঙাপলায়ামৰ আতচবাজী ইউনিটত সংঘটিত হোৱা বিস্ফোৰণস্থলীৰ পৰা ৭টা জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।


বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকল কাৰখানাটোৰ শ্ৰমিক বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।


ইউনিটটোৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰা তিনিজন লোকে পিছত মৃত্যুক সাৱটি লয়।


ইফালে কিচানায়কনপট্টি গাঁৱৰ আতচবাজী ইউনিটত এনেধৰণৰ আন এক ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাটোত দুগৰাকী মহিলা শ্ৰমিক আহত হয় আৰু তেওঁলোকক সমীপৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।


তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালৰ বাবে ৩ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ১ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, বিস্ফোৰণ সংঘটিত হোৱা দুয়োটা আতচবাজী কাৰখানাৰ বৈধ অনুজ্ঞাপত্ৰ আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি সদৰী কৰে।

Leave A Reply

Your email address will not be published.