পুত্র, পত্নীসহ কাৰাগাৰলৈ সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খান ।
সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা আজম খানক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে । মনোনয়নৰ নথিপত্রত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ দাখিলৰ গোচৰত পৰিয়ালসহ দোষী সাব্যস্ত কৰে আজম খানক। ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আজম খানৰ পুত্ৰ আব্দুল্লা আজমে। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই আজম খান, পত্নী তঞ্জিন ফাতিমা আৰু পুত্ৰ আব্দুল্লা আজমক দোষী সাব্যস্ত কৰে আদালতে। তিনিওজন দোষীৰ বিৰুদ্ধে ৪২০/৪৬৭/ ৪৬৮/৪৭১ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল । ৰামপুৰৰ এম পি, এম এল এ আদালতে ১৮ অক্টোবৰ অৰ্থাৎ আজি তিনিওজনকে দোষী সাব্যস্ত কৰে।
আজম খানৰ পুত্ৰ আব্দুল্লা আজমৰ বিৰুদ্ধে দুখন পৃথক জন্ম প্ৰমাণপত্ৰ থকাৰ অভিযোগ উণ্থাপন হৈছিল। ২০১২ চনৰ ২৮ জুনত এখন প্ৰমাণপত্ৰ জাৰী কৰিছিল ৰামপুৰ পৌৰসভাই ।এইখন জন্মৰ প্রমাণপত্রত ৰামপুৰক আব্দুল্লাৰ জন্মস্থান হিচাপে দেখুৱাইছিল। আনহাতে দ্বিতীয়খন জন্মৰ প্ৰমাণপত্ৰত ২০১৫ চনৰ জানুৱাৰীত জাৰী কৰিছিল । এইখনত আব্দুল্লাৰ জন্মস্থান লক্ষ্ণৌ হিচাপে দেখুৱাইছে ।
বিজেপি নেতা আকাশ চাক্সেনাই আব্দুল্লা আজমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এই গোচৰ । আব্দুল্লাৰ দেউতাক আজম খান আৰু মাতৃ তনজিন ফাতিমাকো এই গোচৰত অভিযুক্ত কৰা হয়। আব্দুল্লাৰ বিৰুদ্ধে পূৰ্বৰ জন্মৰ প্ৰমাণপত্ৰৰ আধাৰত পাছপোৰ্ট আৰু বিদেশ ভ্ৰমণৰ বাবে দ্বিতীয় খন প্ৰমাণপত্ৰৰ ব্যৱহাৰ কৰি বিদেশ ভ্রমণ কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ উপৰিও, তেওঁ বিশ্ববিদ্যালয়তো এইখন প্রমাণ পত্র ব্যৱহাৰ কৰিছিল । অভিযোগ মতে , আব্দুল্লা আজমে তেওঁৰ সুবিধা অনুসৰি দুয়োখন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছিল ।