ISHAN NEWS – Always One Step Ahead of Time…

চাৰি বছৰৰ পিছত স্বভূমিলৈ উভতিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ

0 163

আজি স্বভূমিলৈ উভতি আহিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। বিগত চাৰি বছৰ ধৰি তেওঁ পাকিস্তানৰ বাহিৰত আছিল।

নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁ পাকিস্তানলৈ উভতি অহাটোৱে ৰাজনীতিত প্ৰত্যাৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ পাকিস্তানলৈ উভতি অহাৰ খবৰৰ মাজতে লাহোৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

নৱাজ শ্বৰীফৰ দল পাকিস্তান মুছলিম লীগ (এন)ৰ নেতা খোৱাজা মুহম্মদ আছিফে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ উভতি অহা সন্দৰ্ভত বিবৃতি প্ৰদান কৰি কয় যে এয়া আশা আৰু উদযাপনৰ সময়। তেওঁ উভতি অহাটো পাকিস্তানৰ অৰ্থনীতি আৰু ইয়াৰ জনসাধাৰণৰ বাবে এক শুভ লক্ষণ।

নৱাজ শ্বৰীফৰ দলে এক বিবৃতিত কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বৰীফে ডুবাইৰ পৰা ৰাজধানী ইছলামাবাদলৈ উৰা মাৰিব আৰু তাৰ পিছত লাহোৰলৈ যাব, য’ত তেওঁৰ সমৰ্থকসকলে আদৰণি জনাব।

আগন্তুক জানুৱাৰি মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শ্বৰীফৰ প্ৰত্যাৱৰ্তনে দলটোক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে পিএমএল (এন)এ।

উল্লখ্য যে, নৱাজ শ্বৰীফে শনিবাৰে সন্ধিয়া লাহোৰস্থিত মিনাৰ-ই-পাকিস্তানত এখন ৰাজহুৱা সভাত উপস্থিত থকাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.