ISHAN NEWS – Always One Step Ahead of Time…

ভাৰতত অনুষ্ঠিত হ’বনে আই পি এলৰ পৰৱৰ্তী ছিজন? অধ্যক্ষই জনালে সবিশেষ…

0 2,111

২০২৪ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ লগতে ৰাজনীতিৰ বাবেও অতি বিশেষ হ’বলৈ গৈ আছে। কাৰণ আই পি এলৰ সমান্তৰালকৈ অহা বছৰ অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।

আই পি এল ২০২৪ আৰু লোকসভা নিৰ্বাচনৰ সময় প্ৰায় একে। এপ্ৰিল আৰু মে’ মাহত আই পি এলৰ আয়োজন কৰা হয় আৰু একে সময়তে লোকসভা বা সাধাৰণ নিৰ্বাচনো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতৰ পৰিৱৰ্তে আন কোনো দেশত আই পি এল আয়োজন কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভাৰতত আই পি এলৰ আয়োজন হোৱা নাছিল। আই পি এলৰ সেই ছিজনটো দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল।

একেদৰে আই পি এল ২০২৪ ভাৰতৰ পৰিৱৰ্তে আন কোনো দেশত অনুষ্ঠিত হ’ব নেকি বুলি চলি থকা চৰ্চাৰ অন্ত পেলাইছে আই পি এলৰ অধ্যক্ষই।

আই পি এলৰ অধ্যক্ষ অৰুণ সিং ঠাকুৰে ইংগিত দিছে যে আই পি এল ২০২৪ ভাৰততে আয়োজন কৰা হ’ব। এটা সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অৰুণ ঠাকুৰে কয় যে লোকসভা নিৰ্বাচন আই পি এলৰ বাবে কোনো বাধা নহয়। আই পি এল হৈছে বিশ্বৰ আটাইতকৈ ধনী টি-২০ লীগ। এই লীগে বিচিচিআই আৰু ইয়াৰ লগত জড়িত সকলো লোক উপকৃত হয়।

স্মৰ্তব্য যে, আই পি এলৰ বাবেই এদিনীয়া বিশ্বকাপৰ সমসয়সূচী সলনি কৰা হৈছিল। যদিহে কোনো কাৰণত আই পি এলৰ আগন্তুক ছিজনটো ভাৰতত অনুষ্ঠিত নহয় তেন্তে বি চি চি আইৰ বিকল্প ভ্যেনু হ’ব দক্ষিণ আফ্ৰিকা আৰু ইউ এ ই।

Leave A Reply

Your email address will not be published.