ISHAN NEWS – Always One Step Ahead of Time…

নেপাল : ভূমিকম্পত ২০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস, আংশিকভাৱে ক্ষতিগ্ৰস্ত ৭৫টা ঘৰ । ISHAN NEWS…

0 271

দেওবাৰে পুৱাৰে পৰা নেপালত হোৱা ভূমিকম্পৰ ফলত ২০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ৭৫টাতকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আচিল ধাডিং জিলা। জিলা প্ৰশাসনৰ উদ্ধৃতি দি গৃহ মন্ত্ৰালয়ে কয় যে পুৱাৰে পৰা চাৰিটাকৈ ভূমিকম্পৰ ফলত জিলাখনৰ জ্বৱালামুখী গাঁৱৰ ২০টা কেঁচা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।

ইফালে ৫ নং ৱাৰ্ডৰ অধ্যক্ষ কৃষ্ণ প্ৰসাদ কাপীয়ে জনোৱা মতে, তেওঁৰ ৱাৰ্ডৰ ৭৫টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।

ধাডিং আৰক্ষীৰ মুখপাত্ৰ সন্তুলাল জয়ছোৱালে কয় যে ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ এতিয়াও পোৱা নাই। দুৰণিবটীয়া আৰু দুৰ্গম অঞ্চলৰ পৰা ক্ষতিৰ সবিশেষ তথ্য সংগ্ৰহ কৰি থকা হৈছে।

তেওঁ জনোৱা মতে, ভূমিকম্পৰ বাবে কেৱল কেঁচা ঘৰবোৰহে ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে ভূমিকম্পত কোনো লোক হতাহত হোৱা নাই।

উল্লেখ্য যে, আজি ৰাতিপুৱা প্ৰায় ৭.৩৯ বজাত নেপালত ৬.১ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ইয়াৰ পিছত আন কেইবাটাও ভূমিকম্পই জোকাৰি গৈছিল দেশখনক।

নেপালত হোৱা ভূমিকম্পটোৰ ফলত ভাৰতৰো বিভিন্ন অঞ্চলত মৃদু জোকাৰণি অনুভূত হৈছিল।

Leave A Reply

Your email address will not be published.