বিশাল বিমানেৰে যুদ্ধ বিধ্বস্ত গাজালৈ সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে গাজাবাসীৰ বাবে মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। হামাছৰ ওপৰত ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণৰ বাবে সম্প্ৰতি বৃহৎ সংকটৰ সন্মুখীন হৈছে গাজাবাসী।
ভাৰতে সহায়ৰ হাত আগবঢ়াই মানৱীয় সাহায্য প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰিছে এই তথ্য।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইটযোগে কয় যে ভাৰতে গাজাৰ জনসাধাৰণৰ বাবে সহায় প্ৰেৰণ কৰিছে। এখন বিশাল বিমানত প্ৰেৰণ কৰা হৈছে অত্যাৱশ্যকীয় সামগ্ৰী।
গাজালৈ প্ৰেৰণ কৰা সাহায্যসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, তম্বু, শোৱা বেগ, ট্ৰিপাল, পানী বিশুদ্ধকৰণ টেবলেট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।
উল্লেখ্য যে, গাজাই শনিবাৰৰ পৰাহে লাভ কৰিছে মানৱীয় সাহায্য। ইজিপ্তৰ ৰাফাহ সীমান্তৰে এই সাহায্য প্ৰেৰণ কৰা হৈছে।
এটা নিৰাপত্তা সূত্ৰ আৰু ইজিপ্তৰ ৰেড ক্ৰীচেণ্টৰ এজন বিষয়াই জনোৱা অনুসৰি, ইজিপ্তৰ পৰা যুদ্ধবিধ্বস্ত গাজালৈ মানৱীয় সাহায্য কঢ়িয়াই অনা ট্ৰাকসমূহে শনিবাৰে ৰাফাহ সীমান্তৰ মাজেৰে পাৰ হ’বলৈ আৰম্ভ কৰিছে।
আমেৰিকা, ইজৰাইল, ইজিপ্ত আৰু ৰাষ্ট্ৰ সংঘৰ আলোচনাৰ অন্তত ইজিপ্ত আৰু গাজাৰ মাজৰ ৰাফাহ ক্ৰছিং পইণ্টেৰে গাজাবাসীৰ ওচৰলৈ মানৱীয় সাহায্য প্ৰেৰণৰ অনুমতি প্ৰদান কৰা হয়।
উল্লেখ্য যে ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি ১৫০০ৰো অধিক লোকক হত্যা কৰিছিল।
প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰি ইজৰাইলে চলোৱা প্ৰত্যাক্ৰণত পেলেষ্টাইনৰ ৪৩০০ৰো অধিক লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।