ISHAN NEWS – Always One Step Ahead of Time…

ভ্রাম্যমানৰ মঞ্চৰ পৰা ‘ৰেলৰ আলি দুবৰী বনলৈ’ অনেক গীতত , সুৰ-কণ্ঠ-সংগীতৰ স্বাক্ষৰ ৰাখি থৈ গ’ল দশৰথ দাসে । ISHAN NEWS…

0 2,178

ভ্রাম্যমাণ আৰু অসমীয়া ছবি জগতৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ , কণ্ঠশিল্পী দশৰথ দাস আৰু নাই । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা সংগীত পৰিচালক গৰাকীয়ে ভ্রাম্যমান নাট্যজগত উকা কৰি শনিবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক শিল্পী দশৰথ দাসৰ
৭০ ৰ দশকত নটৰাজ থিয়েটাৰত আত্মপ্রকাশ ঘটিছিল । কন্ঠ শিল্পী আৰু সংগীত পৰিচালক দশৰথ দাস ভ্রাম্যমান নাট্যজগতত প্রবেশ কৰিয়েই প্রেয়সী নাটকৰ বাবে দেৱেশ্বৰ শৰ্মাই লিখা ‘চন্দ্ৰা অ’ চন্দ্ৰাৱলী ’, ‘মৰম এনাজৰী চিঙি যোৱা নাই’ , প্রফুল্ল বৰাৰ নাটক স্নেহ বন্ধনৰ , ‘জিলমিল জিলমিল , ‘চিলমিল চিলমিল জোনাকৰে পাহি’ আদি গীতৰ লগতে বহু কেইটা সুৰীয়া গীতেৰে ভ্রাম্যমান নাট্যজগতত বোৱাইছিল সুৰৰ মন্দাকিনী । একুৰিতকৈও অধিক নৃত্য-নাটিকাৰে ভ্রাম্যমান নাট্যজগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে দশৰথ দাসে । কহিনুৰৰ মঞ্চত খলকনিৰ সৃষ্টি কৰা নাটক টাইটানিকৰ সংগীত পৰিচালনাত দক্ষতাৰ পৰিচয় দিছিল দশৰথ দাসে ।

‘সাদৰী’ ‘সেন্দূৰ, ৰেলৰ আলি দুবৰী বন আদি ছবিৰ সংগীত পৰিচালনাৰে অসমীয়া ছবিৰ সংগীত পৰিচালনাৰ ক্ষেত্রখনতো জিলিকি উঠিছিল দশৰথ দাস । পাশ্চাত্য সংগীতত বিশেষ দখল থকা সংগীত পৰিচালক গৰাকীৰ মৃত্যুত শোকস্তবদ্ধ অসমৰ সংগীত জগত ।

Leave A Reply

Your email address will not be published.