ISHAN NEWS – Always One Step Ahead of Time…

অচিনাক্ত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; ১২গৰাকী আৰক্ষীসহ ১৬জন লোকৰ মৃত্যু

0 417

মাদক দ্ৰব্য তথা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈ অহা মেক্সিকোত সোমবাৰে দুটাকৈ সশস্ত্ৰ আক্ৰমণত ১২ গৰাকী আৰক্ষীসহ কমেও ১৬ জন লোক নিহত হয়।

চৰকাৰী পক্ষই জনোৱা তথ্য অনুসৰি, প্ৰথমে গুয়েৰেৰো নামৰ এখন ৰাজ্যত অচিনাক্ত বন্দুকধাৰীয়ে নিৰাপত্তাৰক্ষীৰ টহলদাৰী দলৰ ওপৰত আক্ৰমণ চলায়।

কোয়ুকা ডে বেনিটেজ পৌৰসভাত চলোৱা এই আক্ৰমণত পৌৰ আৰক্ষী বাহিনীৰ এঘাৰজন সদস্য নিহত হয়। আক্ৰমণকাৰীক চিনাক্ত তথা কৰায়ত্ত কৰিবলৈ তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে চহৰখনত আৰক্ষীৰ দলে নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে বুলি জানিব দিয়ে চৰকাৰী বিষয়াই।

ইফালে দ্বিতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হয় পশ্চিম দিশৰ মিচিআকেন নামৰ ৰাজ্যত। এই আক্ৰমণত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয়।

টাকাম্বাৰো চহৰৰ মেয়ৰৰ ভাতৃক আক্ৰমণ কৰে বন্দুকধাৰীৰ এটা দলে। নিহতসকলৰ ভিতৰত আছে এজন ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আৰু আৰক্ষী বাহিনীৰ এজন সদস্য। আনহাতে এই আক্ৰমণত মেয়ৰৰ ভাতৃ আহত হৈছে।

উল্লেখ্য যে, ২০০৬ চনত মেক্সিকো চৰকাৰে ড্ৰাগছ বিৰোধী যুঁজত সৈন্য নিয়োগ কৰাৰ পাছৰে পৰা ৪ লাখ ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে।

Leave A Reply

Your email address will not be published.