চাঞ্চল্যকৰ ঘটনা; ৰাজভৱনৰ মূল গেটত পেট্ৰ’ল বোমা নিক্ষেপ । ISHAN NEWS…
তামিলনাডুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবীৰ চৰকাৰী বাসগৃহ ৰাজভৱনৰ মূল গেটত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
দুপৰীয়া প্ৰায় ২.৪৫ বজাত কাৰুকা বিনোথ নামৰ এজন লোকে ৰাজভৱনৰ মূল গেটলৈ লক্ষ্য কৰি দুটা পেট্ৰ’ল বোমা নিক্ষেপ কৰে।
উল্লেখ্য যে, ২০২২ চনতো পেট্ৰ’ল বোমা নিক্ষেপ কৰি গ্ৰেপ্তাৰ হৈছিল বিনোথ। সেই সময়ত বিনোথে বিজেপিৰ কাৰ্যালয়ত পেট্ৰ’ল বোমা নিক্ষেপ কৰি গ্ৰেপ্তাৰ হোৱা বিনোথ মাত্ৰ তিনিদিন পূৰ্বে জেইলৰ পৰা মুকলি হৈছিল।
আৰক্ষীয়ে জানিব দিয়া মতে, বিনোথে ছৈদাপেট আদালতৰ চৌহদত ৰখাই থোৱা মটৰ চাইকেলসমূহৰ পৰা পেট্ৰল চুৰি কৰি তেওঁ ৰাজভৱনৰ ফালে খোজ কাঢ়ি গৈছিল য’ত তেওঁ পেট্ৰ’ল দুটা বটলত ঢালি জুই লগাই মূল গেটৰ ফালে নিক্ষেপ কৰিছিল।
আৰক্ষীয়ে লগতে কয় যে মূল গেটত নিয়োজিত আৰক্ষীৰ দলটোৱে তেওঁক বাধা দিয়াত আৰু আন দুটা পেট্ৰ’ল বোমা নিক্ষেপ কৰাত বাধা প্ৰদান কৰে।