নিৰ্বাচনী সমীকৰণ : ২০২৪ ৰ লোকসভা নিৰ্বাচন আৰু ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলি ।
২০২৪ ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰকৰি ব্যস্ততা বাঢ়িছে প্রতিটো ৰাজনৈতিক দলৰ । দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণতো এতিয়া লক্ষ্য হৈ উঠিছে ২০২৪ ৰ লোকসভা নিৰ্বাচন । বিজয়া দশমীৰ দিনটোত ৰামলীলা অনুষ্ঠানৰ মঞ্চৰ পৰা দিয়া ভাষণত প্রধানমন্ত্রী গৰাকীয়ে নৱ নিৰ্মিত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানক লৈ আৱেগ সৃষ্টি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানতে পৰৱৰ্তী ৰাম নৱমী অযোধ্যাৰ নতুন ৰাম মন্দিৰত উদযাপন কৰা হ’ব বুলি ঘোষণা কৰে । আৰ,এছ ,এছৰ মুৰব্বী মোহন ভাগৱতে অযোধ্যাৰ নতুন ৰাম মন্দিৰৰ দুৱাৰ ২২ জানুৱাৰীত মুকলি কৰা হ’ব বুলি ঘোষণা কৰে ।
দ্বাৰকাত অনুষ্ঠিত ৰাৱণ-দাহন অনুষ্ঠানত মোডীয়ে ভাষণ প্রসংগত কয় যে। “ভগৱান ৰাম কেইদিনমানৰ ভিতৰতে আহিব। ৰাম মন্দিৰ স্থাপন আমাৰ বাবে বিজয়।” দেশৰ জনসাধাৰণক ৰামৰ আদৰ্শৰ ভিত্তিত দেশ গঢ়ি তোলাৰ আহ্বান জনায় প্রধানমন্ত্রী গৰাকীয়ে ।
মোহন ভাগৱতে নাগপুৰত দিয়া ভাষণত ভাষণত ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়টো উত্থাপন কৰিছিল। ইয়াৰ উপৰিও ভাষণ প্রসংগত মোহন ভাগৱতে কয় যে , ৰাম মন্দিৰ উদ্বোধন উপলক্ষে সংঘ পৰিয়ালে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী হাতত ল’ব ।