জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ গুলীত দুজন দুৰ্ঘৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি উপত্যকাৰ মাচিল ছেক্টৰত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলে অভিযান চলাই আছে।
উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীৰ দলে চলোৱা অভিযানত এই সফলতা লাভ কৰে।
শ্ৰীনগৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰ্পছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক পোষ্টত কয়, ’২৬ অক্টোবৰত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰা হয়।
আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই অভিযানত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। অৱশ্যে এই দুয়োজন সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা হোৱা নাই।
আৰক্ষীৰ মুখপাত্ৰই টুইটাৰযোগে প্ৰকাশ কৰি কয়, ‘কুপৱাৰা আৰক্ষীয়ে দিয়া এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এতিয়ালৈকে মাচিল খণ্ডৰ পৰা আৰম্ভ হোৱা এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। অভিযান অব্যাহত আছে।‘