ইজৰাইলী সেনাৰ বৃহৎ সফলতা; হামাছৰ বায়ুসেনা প্ৰধান আবু ৰাকাবাৰ মৃত্যু । ISHAN NEWS…
ইজৰাইল-হামাছ যুদ্ধৰ ২২ নম্বৰ দিনটোত বৃহৎ সফলতা লাভ কৰিছে ইজৰাইলী সেনাই। ইজৰাইলী সেনাৰ আক্ৰমণত হামাছ বায়ুসেনা প্ৰধান আবু ৰাকাবাৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।
যোৱা ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল ৰাকাবা।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ পৰা পোষ্ট কৰি হামাছ বায়ুসেনাৰ মুৰব্বী আবু ৰাকাবাৰ হত্যাকাণ্ডৰ কথা নিশ্চিত কৰিছে।
হামাছে যোৱা ৭ অক্টোবৰত ইউ এ ভি, ড্ৰ’ন আৰু পেৰাগ্লাইডাৰৰ সহায়ত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণৰ পৰিকল্পনাত ৰাকাবাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
উল্লেখ্য যে, ৭ অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীসকলে হঠাতে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণত ১৪০০ৰো অধিক ইজৰাইলৰ নাগৰিকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰি হাজাৰ-হাজাৰ ইজৰাইলী নাগৰিকক হামাছে পণবন্দীও কৰিছিল।
হামাছৰ আক্ৰমণৰ পিছতে ইজৰাইলে গাজা ষ্ট্ৰিপত প্ৰৱেশ কৰি হামাছৰ ঘাটিত আক্ৰমণ চলাই আছে। এতিয়ালৈকে গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত ৭৫০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
এনে পৰিস্থিতিত এতিয়া ইজৰাইলে হামাছৰ বায়ুসেনাৰ মুৰব্বীক হত্যা কৰাৰ দাবীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।
আনহাতে, ইজৰাইলে আকৌ এবাৰ স্পষ্ট কৰি দিছে যে হামাছক সম্পূৰ্ণৰূপে নিশেষ কৰাৰ পিছতহে ক্ষান্ত হ’ব।
ইয়াৰ উপৰি ইজৰাইলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰি ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনে কয় যে ইজৰাইলে হামাছক নিৰ্মূল কৰাৰ মনস্থ কৰিছে।