ISHAN NEWS – Always One Step Ahead of Time…

ৰাজপথত মৃত্যুৰ কিৰিলি! ভয়ংকৰ পথ দুৰ্ঘটনাত ৩৫জন লোকে হেৰুৱালে প্ৰাণ। ISHAN NEWS…

0 502

শনিবাৰে ইজিপ্তৰ ঘাইপথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। এখন বাছৰ সৈতে আন কেইবাখনো গাড়ীৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত অতি কমেও ৩৫ জন লোক নিহত হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হয় বুলি চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

ঘাইপথৰ নিয়ম-নীতি অৱজ্ঞাৰ লগতে ৰাজপথৰ বিধ্বস্ত ৰূপৰ বাবে ইজিপ্তত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

আল-আহৰামৰ বাতৰি ৱেবছাইটত কোৱা হৈছে, ‘ৱাডি আল-নাট্ৰুনৰ সমীপৰ কায়ৰো-আলেকজেন্দ্ৰিয়া মৰুভূমি পথত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ৩৫ জন লোকৰ মৃত্যু হয়, ইয়াৰে কমেও ১৮ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।‘

তথ্য অনুসৰি বেহেৰা প্ৰদেশৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। এখন গাড়ীৰ পৰা হঠাত তেল নিৰ্গত হোৱাৰ বাবে আন বহু গাড়ীৰ মাজত সংঘৰ্ষ হয়।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি কেইবাখনো বাহনতো সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলতেই বহু লোক জীৱন্তে অগ্নিদগ্ধ হয়।

চৰকাৰী তথ্য অনুসৰি জনবহুল দেশখনত ২০২১ চনত পথ দুৰ্ঘটনাত মুঠ ৭ হাজাৰ লোকৰ মৃত্যু হৈছিল।

Leave A Reply

Your email address will not be published.