ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি। যোৱা ২৭ অক্টোবৰত ইমেইলৰ জৰিয়তে মুকেশে মৃত্যুৰ ভাবুকি লাভ কৰিছিল, য’ত ২০ কোটি টকা নিদিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে অভিযুক্তই।
ঘটনাটোৰ কথা পোহৰলৈ অহাৰ পিছতে মুম্বাইৰ গামদেৱী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত গোচৰ ৰুজু কৰা হয়।
আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু শীঘ্ৰে অভিযুক্তৰ সন্ধান উলিয়াব বুলি মন্তব্য কৰে।
উল্লেখ্য যে, যোৱা বছৰো মুকেশ আম্বানীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। সেই সময়ত এজন ব্যক্তিয়ে দক্ষিণ মুম্বাইৰ ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হস্পিতাললৈ ফোন কৰি কৈছিল যে তেওঁ হাস্পতালখন উৰুৱাই দিব আৰু লগতে মুকেশ, নীতা আম্বানী আৰু দুয়োজন পুত্ৰক হত্যা কৰিব।
ইয়াৰ সমান্তৰালকৈ অভিযুক্তই আম্বানীৰ ঘৰ এন্টিলিয়াও বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।
আনকি ২০২১ চনতো মুকেশ আম্বানীৰ ঘৰৰ সমীপত বিস্ফোৰক সামগ্ৰীৰে ভৰা এখন গাড়ীও উদ্ধাৰ হৈছিল, যাক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰটোৰ পুংখানুপুংখ তদন্তৰ অন্তত একাংশ লোকক গ্ৰেপ্তাৰ কৰে।