ISHAN NEWS – Always One Step Ahead of Time…

যুদ্ধৰ মাজতে ইজৰাইলৰ বৃহৎ পদক্ষেপ; চিন্তিত ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মোদীৰ সৈতে ফোনত বাৰ্তালাপ

0 156

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ভয়াৱহ যুদ্ধ সন্দৰ্ভত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ আল চিছিৰ সৈতে ফোনযোগে আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ যুদ্ধ আৰু ইয়াৰ পৰিণতিক লৈ উদ্বেগ প্ৰকাশ কৰে।

ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰই ফেচবুকত কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে জনসাধাৰণৰ সুৰক্ষা।

মুখপাত্ৰগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ আল চিছিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে। গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক অভিযানৰ আপডেট আৰু সাধাৰণ লোকৰ জীৱনত হ’বলগীয়া ইয়াৰ বিধ্বংসী প্ৰভাৱ সন্দৰ্ভত তেওঁলোকে মত বিনিময় কৰে। সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে।‘

ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে উদ্বেগ প্ৰকাশ কৰে যে এই যুদ্ধই ইয়াৰ মানৱীয় পৰিস্থিতি আৰু অধিক বেয়া কৰি তুলিব। যুদ্ধ বন্ধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগে।

ৰাষ্ট্ৰপতি আব্দেল ফাটাহ আল চিছিয়ে কয় যে যুদ্ধবিৰতি তাৎক্ষণিক হ’ব লাগে যাতে মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায়। যিহেতু মানৱীয় সাহায্য তৎকালীনভাৱে প্ৰদান কৰিব লাগিব, ক্ষতিগ্ৰস্ত অঞ্চলত ইয়াৰ অতি প্ৰয়োজন।

ইজিপ্ত আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু উৎকৃষ্ট কৌশলগত অংশীদাৰিত্বক লৈও দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। দুয়োখন বন্ধুত্বপূৰ্ণ দেশৰ মাজত পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ দিশত নিজৰ দৃঢ়তাক পুনৰবাৰ প্ৰকাশ কৰে।

হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে সন্ত্ৰাসবাদী সংগঠনটোক সম্পূৰ্ণৰূপে নিশেঃষ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু গাজাত পদাতিক আৰু সাজসজ্জিত বাহনৰ জৰিয়তে নিজৰ স্থল অভিযান সম্প্ৰসাৰণ কৰিছে।

ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে এই অঞ্চলত “বিস্তৃত” স্থল অভিযান চলাই আছে। সেনাবাহিনীৰ এই ঘোষণাই ইংগিত দিয়ে যে তেওঁলোকে গাজাত পূৰ্ণাংগ আক্ৰমণৰ ওচৰ চাপিছে। তেওঁ গাজাত হামাছৰ সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

উল্লেখ্য যে, ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত গাজা চহৰ প্ৰায় বিধ্বস্ত হৈ পৰিছে। জানিব পৰা মতে, বোমা বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটোত ইণ্টাৰনেট, চেলুলাৰ আৰু লেণ্ডলাইন সেৱা সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে।

৭ অক্টোবৰৰ পৰা চলি থকা এই যুদ্ধত এতিয়ালৈকে প্ৰায় ৯ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এই যুদ্ধ দীঘলীয়া হ’ব বুলি ইংগিত দিয়ে।

Leave A Reply

Your email address will not be published.