শনিবাৰে নিশা ৰাজস্থানৰ হনুমানগড় জিলাখনৰ নৌৰাংদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত একেটা পৰিয়ালৰ ৭জন লোকৰ কৰুণ মৃত্যু ঘটে। লগতে এই ঘটনাত দুটি শিশু গুৰুতৰভাৱে আহত হয়।
এই ঘটনাৰ পিছতে ঘাইপথত আৱদ্ধ হৈ পৰে শ-শ বাহন। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে মৃত্যু হয় সাতজন লোকৰ।
হনুমানগড় টাউন আৰক্ষী থানাৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, অভাৰটেক কৰিবলৈ লওতেই এখন ট্ৰলীয়ে চাৰিচকীয়া বাহন এখনত প্ৰচণ্ড খুন্দা মাৰে।
এই সংঘৰ্ষত চাৰিচকীয়া বাহনখন বহু দূৰলৈ চিটিকি পৰে আৰু ভিতৰত থকা ৭জনৰ থিতাতে মৃত্যু হয়। তেওঁ জনোৱা মতে, এই দুৰ্ঘটনাত দুটি শিশুও বেয়াকৈ আহত হৈছে, যাক চিকিৎসাৰ বাবে বিকানেৰলৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰলী চালকজনে গাড়ীখন এৰি পলায়ন কৰে। প্ৰশাসনিক বিষয়াসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ট্ৰলী চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।