বিস্ফোৰণত কঁপি উঠিল কেৰালাৰ এটা কনভেনচন চেণ্টাৰ, ১জনৰ মৃত্যু, ২০গৰাকী আহত; সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা। ISHAN NEWS…
কেৰালাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ আহিছে। দেওবাৰে পুৱা কালামাছেৰীৰ এটা কনভেনচন চেণ্টাৰত হোৱা বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত হয়।
কালামাছেৰীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, বিস্ফোৰণৰ কাৰণ বা এটাতকৈ অধিক বিস্ফোৰণ সংঘটিত হৈছিল নেকি সেই বিষয়ে জানিব পৰা নাই।
এটা ক্ৰীষ্টান গোচৰ কনভেনচন চেণ্টাৰত এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ৯ বজাত এই বিস্ফোৰণৰ কথা জানিব পাৰিছিল আৰু লগে লগে ঘটনাস্থলত আৰক্ষীৰ বৃহত দল উপস্থিত হয়।
বৰ্তমান বিস্ফোৰণস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সাধাৰণ লোকসকলক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ আঁতৰাই পঠিয়ায়।
উদ্যোগ মন্ত্ৰী তথা কালামাছেৰীৰ বিধায়ক পি ৰাজীৱে কয়, ‘মই সকলো বিষয়াৰ সৈতে কথা পাতিছো। সকলো নিৰ্দেশনা জাৰি কৰা হৈছে। আমি এতিয়াও কাৰণ জানিব পৰা নাই। প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ হওক। ঘটনাস্থলৰ ওচৰত যাবলৈ এতিয়ালৈকে কাকো অনুমতি দিয়া নহ’ব।‘
উল্লেখ্য বিস্ফোৰণৰ পিছত কনভেনছন চেণ্টাৰৰ বাহিৰত প্ৰায় এশৰো লোক দেখা গৈছিল আৰু তেওঁলোক অত্যন্ত সন্ত্ৰস্ত হৈ পৰিছিল।